NORTHEAST NOW (Assamese)

ইউপিএছচি-ৰ পৰা শিকক, তেওঁলোকৰ প্ৰশ্নকাকত কেতিয়াও ফাদিল নহয়: নিট কেলেংকাৰিক লৈ এনটিএ-ক উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

May 29, 2026 3:43 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নিট-ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ নেচনেল টেষ্টিং এজেন্সী অৰ্থাৎ এন টি এক কঠোৰ সমালোচনা কৰে। নিৰীক্ষণ ব্যৱস্থা আৰু তদাৰক সমিতি থকাৰ পিছতো কেনেকৈ এনে এক বৃহৎ সুৰক্ষা উলংঘন হবলৈ পালে, সেই বিষয়ে ন্যায়ালয়ে প্ৰশ্ন কৰে। দেশৰ সৰ্বোচ্চ পৰীক্ষা ইউ পি এছ চিৰ সৈতে তুলনা কৰি ন্যায়ালয়ে কয় যে ইউ পি এছ চিত এনে ঘটনা কেতিয়াও ঘটা নাই আৰু এন টি এ-য়ে তেওঁলোকৰ পৰা শিক্ষা লোৱা উচিত।

এই বিষয়টোৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণণৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখন উপস্থিত আছিল। ন্যায়ালয়ে ড০ ৰাধাকৃষ্ণণক প্ৰশ্ন কৰে যে সুৰক্ষা ব্যৱস্থা থকাৰ পিছতো কিয় প্ৰশ্নকাকত ফাদিল হবলৈ পালে। ইয়াৰ উত্তৰত ড০ ৰাধাকৃষ্ণণে কয় যে প্ৰশ্নকাকত প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোত কিছু আসোঁৱাহ আছিল আৰু এতিয়া সেয়া কঠোৰ কৰা হৈছে। তেওঁ জনায় যে সমিতিখনে পৰীক্ষাৰ সুৰক্ষা আৰু পৰিচালনা সুদৃঢ় কৰাৰ বাবে মুঠ ১০১ টা পৰামৰ্শ আগবঢ়াইছে, যাৰ ভিতৰত ৬০ টা পৰামৰ্শ অহা ২০২৫-২৬ বৰ্ষৰ পৰীক্ষাৰ বাবে অতি সোনকালেই কাৰ্যকৰী কৰা হব।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল সংস্কাৰেই এই সমস্যাৰ সমাধান নহয়, ইয়াৰ বাবে দায়বদ্ধতাও নিৰ্ধাৰণ কৰিব লাগিব। প্ৰকৃত দোষীক চিনাক্ত নকৰিলে এনে ভুল পুনৰাবৃত্তি হৈয়ে থাকিব বুলি ন্যায়ালয়ে সকীয়াই দিয়ে। ইফালে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে এই সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰীয়ে নিজেই তদাৰক কৰি আছে আৰু অহা ২১ জুনত হবলগীয়া পুনৰ পৰীক্ষাৰ পূৰ্বে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰীক্ষা ব্যৱস্থাক অস্থায়ী সমাধানৰ পৰিৱৰ্তে এক স্থায়ী আৰু সুৰক্ষিত গাঁথনি দিবলৈ ন্যায়ালয়ে শিক্ষা মন্ত্ৰালয়ক এখন সবিশেষ শপতনামাও দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এন টি এক অধিক শক্তিশালী কৰিবলৈ এতিয়া আই আই টি আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলৰ সহায় লোৱা হৈছে বুলি ড০ ৰাধাকৃষ্ণণে উল্লেখ কৰে। শেষত, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত পৰা মানসিক চাপৰ কথা স্বীকাৰ কৰি ন্যায়ালয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ বছৰ বছৰ ধৰি কৰা কষ্ট আৰু আৱেগৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাৰ সংস্কাৰ অতি প্ৰয়োজনীয় আৰু ন্যায়ালয়ে সেয়া নিশ্চিত কৰিব।

Related News