NORTHEAST NOW (Assamese)
জীৱনশৈলী

এনেকুৱা বন্ধু থাকিলে শত্ৰু বেলেগকৈ নালাগে! জানি লওক প্ৰকৃত বন্ধু চিনাৰ উপায়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 14, 2024 5:30 pm

জীৱনত সকলো মানুহৰে ভাল বন্ধু থকাতো জৰুৰী। ভাল বন্ধুৱে সদায় সুখ-দুখৰ সময়ত আমাক সংগ দিয়ে। লগতে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ ভাল বন্ধু সদায়েই প্ৰস্তুত।

কিন্তু জানেনে, বন্ধুৰ মাজতো বহুতো শত্ৰু লুকাই থাকে। যিসকলে বন্ধুৰ ৰূপত আপোনাৰ ক্ষতি কৰিবলৈ ৰৈ থাকে।

যদি আপোনাৰ কোনো বন্ধুৰ মাজত এনে কিছুমান লক্ষণ দেখা পায়, তেন্তে তেওঁলোকৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব। তেওঁলোকক এৰাই চলিবলৈ চেষ্টা কৰক। কাৰণ তেওঁলোকে আপোনাৰ জীৱনত বহু ক্ষতি কৰিব পাৰে।

কোনবোৰ বন্ধুৰ পৰা আঁতৰি থাকিব লাগে জানো আহক 

স্বাৰ্থপৰ বন্ধু

যদি আপোনাৰ বন্ধুজন অতি স্বাৰ্থপৰ অৰ্থাৎ নিজৰ কাম সাধন কৰিবলৈহে আপোনাৰ কাষত থাকে আৰু কেতিয়াও কোনো প্ৰয়োজনত আপোনাক সহায় নকৰে বা আপোনাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তেন্তে তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধু নহয়।

ঈৰ্ষা কৰা

আনৰ সুখ আৰু সফলতা দেখি ঈৰ্ষা কৰা বন্ধু প্ৰায় সকলো মানুহৰেই থাকে। তেওঁলোকে আনৰ আত্মবিশ্বাস ভাঙিব বিচাৰে। যদি আপোনাৰ বন্ধুৱে আপোনাৰ লগত এনেকুৱা কৰে তেন্তে সেই বন্ধুজনৰ পৰা দহ হাত আঁতৰি থাকিবলৈ চেষ্টা কৰক। কাৰণ সেই বন্ধুজন আপোনাৰ প্ৰকৃত বন্ধু নহয়।

দোষ বিচাৰি থকা

যদি আপুনি দেখিছে যে আপোনাৰ কোনো বন্ধুৱে সদায় আপোনাৰ দোষ বিচাৰিবলৈ চেষ্টা কৰে আৰু আপোনাক অকাৰণতে তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁৰ পৰা এতিয়াই আঁতৰি আহক।

উৰাবাতৰি

যদি কোনো বন্ধুৱে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাইছে, যদি কোনো বন্ধুৱে আনৰ আগত আপোনাৰ বদনাম ৰটিছে তেন্তে তেনে বন্ধুৰ পৰা একেবাৰেই আঁতৰি থাকক। এনে বন্ধুক কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কথা নক’ব।

প্ৰতাৰণা

কোনো বন্ধুৱে যদি আপোনাক মিছা কথা কৈছে বা প্ৰতাৰণা কৰিছে অথবা আপোনাৰ বিশ্বাস ভংগ কৰিছে তেন্তে তেন্তে বন্ধুৰ পৰা দূৰতে বিদূৰ হওক। এনে বন্ধুত্বতকৈ শত্ৰুৱেই শ্ৰেষ্ঠ। গতিকে বন্ধু বুলি কাৰোবাক আদৰি লোৱাৰ আগতে এইবোৰ কথা মনত ৰাখক আৰু দহবাৰ ভাবক।