NORTHEAST NOW (Assamese)

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত নাৰীৰ অধিকাৰ আৰু সুৰক্ষা বিষয়ক বক্তৃতানুষ্ঠান সম্পন্ন

December 29, 2021 7:06 am · নিৰ্মলেন্দু পাঠক, টীয়ক
Updated: December 29, 2021 7:07 am

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মহিলা কোষ আৰু ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যৌথ উদ্যোগত মঙ্গলবাৰে এটি অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়।

যোৰহাট বাৰ এচ’চিয়েচনৰ অধিবক্তা দিব্যাজ্যোতি শইকীয়াই ‘নাৰীৰ অধিকাৰ, আইনী সুৰক্ষা আৰু কেৰিয়াৰ হিচাপে আইনী সেৱা ক্ষেত্ৰৰ সম্ভাৱনা’ শীৰ্ষক বিষয়ত এটি প্ৰায়োগিক বক্তৃতা প্ৰদান কৰে।

ভাষণ প্ৰসংগত তেওঁ দৈনন্দিন জীৱন পৰিক্ৰমাত নাৰীৰ অধিকাৰৰ বিভিন্ন দিশ বিশ্লেষণ কৰাৰ লগতে আইনগত সুৰক্ষাৰ বিধিসমূহ আলোকপাত কৰে। আইনী সেৱা ক্ষেত্ৰক কেৰিয়াৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনাক স্পষ্ট কৰে।

অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা মহিলা কোষৰ সমন্বয়ক ড° কৰবী গগৈয়ে আঁত ধৰা বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ ৰেক্টৰ তথা মহিলা কোষৰ সভাপতি সুনীল কুমাৰ ভট্টাচাৰ্যই।

দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশ লয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱাই।

অনুষ্ঠানটিত ইংৰাজী বিভাগৰ মুৰব্বী তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ সমন্বয়ক ড° ময়ূৰী চেতিয়া, বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা মহিলা কোষৰ উপ-সভাপতি গীতা শৰ্মা, অৰ্থনীতি বিভাগৰ মুৰব্বী তথা শিক্ষক গোটৰ সম্পাদক ৰবীন শইকীয়া, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী জীৱন বৰুৱা, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যুটীয়া সমন্বয়ক ড° জয়ন্ত পাঠক, বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক উজ্জীৱিতা ফুকন আৰু গ্ৰন্থাগাৰ সহায়িকা কল্যাণী বৰুৱা উপস্থিত থাকে।

Related News