NORTHEAST NOW (Assamese)
Popular Stories

শ্ৰীলংকাক দিশ দেখুৱাব বামপন্থী দিশানায়কে! ৰাষ্ট্ৰপতি নিৰ্বাচনত মাৰ্ক্সিষ্ট অনুৰা কুমাৰাৰ জয়লাভ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 22, 2024 2:07 pm

শ্ৰীলংকাত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত নেশ্যনেল পিপলছ পাৱাৰৰ নেতা অনুৰা কুমাৰ দিশানায়কে জয়লাভ কৰে।

শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ২২খন নিৰ্বাচনী জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হয়। তথ্য অনুসৰি দিশানায়কে ৪৯.৮ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে সমগী জন বালাৱেগয়াৰ নেতা সাজিত প্ৰেমদাছাই ২৫.৮% ভোট লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা ইউনাইটেড নেচনেল পাৰ্টিৰ নেতা ৰানিল উইক্ৰেমসিংহে ১৬.৪% ভোট লাভ কৰে৷

২০২২ চনৰ বিধ্বংসী অৰ্থনৈতিক সংকটৰ পৰা শ্ৰীলংকাই উপশম পাই থকাৰ সময়তে কঠোৰ বোজা বহন কৰি অহা দ্বীপ ৰাষ্ট্ৰখনৰ জনসাধাৰণে সংকটৰ পাছত প্ৰথম নিৰ্বাচনত ভোটদান কৰে।

খাদ্য আৰু ইন্ধনৰ ব্যাপক নাটনিৰ ফলত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবয়া ৰাজাপাক্ছাই ২০২২ চনত দেশ এৰি পলায়ন কৰে।ৰাজপক্ষৰ অৰ্থনৈতিক নীতিৰ পিছতে দ্বীপ ৰাষ্ট্ৰখনত অৰ্থনৈতিক সংকটে দেখা দিয়ে।

ৰাজাপাকছাক অপসাৰণ কৰাৰ পিছত ২০২২ চনৰ জুলাই মাহত অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ছবাৰৰ প্ৰধানমন্ত্ৰী ৰানিল উইক্ৰেমসিংহক এই দায়িত্ব প্ৰদান কৰা হয়৷