NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 9, 2025 9:15 pm

মেঘালয়ত হত্যাৰ বলি হোৱা ইন্দোৰৰ পৰ্যটক ৰাজা ৰঘুবংশীৰ হত্যাৰ ৰহস্য সমাধান মেঘালয় আৰক্ষীয়ে।

মেঘালয় আৰক্ষীয়ে জনোৱা মতে, ৰাজা ৰঘুবংশীৰ হত্যাকাৰী তথা তেওঁৰ পত্নী সোণম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ বিপৰীতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই অপৰাধ সম্পৰ্কে মেঘালয়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে মেঘালয় আৰক্ষীয়ে। হত্যাকাণ্ডৰ পিছত মেঘালয়ৰ লোকসকলৰ বিৰুদ্ধে ঘৃণামূলক মন্তব্য কৰা পোষ্টসমূহ গুৰুত্বসহকাৰে লৈ মেঘালয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই অপৰাধৰ পিছত ৰাজ্যৰ বিৰুদ্ধে ঘৃণামূলক মন্তব্য পোষ্ট কৰা হৈছিল, যিয়ে ৰাজ্য আৰু ইয়াৰ জনসাধাৰণক অপমান কৰিছিল।

সোমবাৰে এই বিষয়ত এখন সংবাদমেল অনুষ্ঠিত হয়, যত ৰাজ্যখনৰ গৃহমন্ত্ৰী প্ৰেষ্টন টাইনছংৰ লগতে মেঘালয় আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এক প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়াই কয় যে, “ৰাজ্যৰ জনসাধাৰণক লক্ষ্য কৰি ঘৃণাৰে ভৰা ছ’চিয়েল মিডিয়া পোষ্টৰ প্ৰতি নিজাববীয়া গোচৰ ৰুজু কৰা হৈছে। দায়ীসকলৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰা হৈছে।”