NORTHEAST NOW (Assamese)

আইনী সাহায্য দিৱস: লখিমপুৰৰ বঙালমৰাত পদযাত্ৰা, সজাগতা অনুষ্ঠান জিলা কৰ্তৃপক্ষৰ

November 10, 2018 9:12 pm · ফাৰহানা আহমেদ
লখিমপুৰত আইনী সাহায্য দিৱস উদযাপনৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

আইনী সাহায্য দিৱস উপলক্ষে বিহপুৰীয়া আৰক্ষী থানা এলেকাৰ বঙালমৰাৰ ফতেহপুৰত এক সজাগতা অনুষ্ঠানৰ লগতে পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰে জিলা আইনী সাহায্য কৰ্তৃপক্ষই।

বিনামূলীয়া আইন সাহায্য, বাল্য বিবাহ, শিশু শ্ৰমিক, যৌতুক আদি সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাৰ্য্যসূচীটোৰ আয়োজন কৰা হৈছিল।

দৰিদ্ৰ আৰু অভাৱগ্ৰস্তসকলৰ বাবে থকা বিভিন্ন আইনী সাহায্যসমূহৰ বিষয়ে উপস্থিত ৰাইজক বিস্তাৰিতভাৱে অৱগত কৰে জিলা আইনী সাহায্য কৰ্তৃপক্ষৰ সচিব নাৰায়ণ কুৰিয়ে।

ফতেহপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ-শিক্ষক, স্বেচ্ছাসেৱী সংস্থা ৰেচাৰ্দছ, আইনী সজাগতা ক্লাবৰ ভাৰবাহী তথা শিক্ষক মফিজুৰ ৰহমানে কাৰ্য্যসূচীটোলৈ সহযোগিতা আগবঢ়ায়।

অনুষ্ঠানটোত নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া, সাংবাদিক তথা মানৱ সৰবৰাহ বিৰোধী কৰ্মী ফাৰহানা আহমেদৰ লগতে জিলাখনৰ লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ থানা আৰু বঙালমৰা চকীৰ আৰক্ষী বিষয়াসকলো উপস্থিত আছিল।

Related News