NORTHEAST NOW (Assamese)
Popular Stories

আজি মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ; শচীনৰ পৰামৰ্শৰ পিছত আৰু উজ্জীৱিত হৈ পৰিছে আফগানিস্তান, ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2023 11:01 am

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীন টেণ্ডুলকাৰে যথেষ্ট সফলতা লাভ কৰিছে। ফলত এদিনীয়া বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে তেওঁৰ পৰামৰ্শ লাভ কৰি আফগানিস্তানৰ ক্ৰিকেটাৰসকলে উজ্জীৱিত হৈ পৰে। মঙলবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব আফগানিস্তানে। ইয়াৰ পূৰ্বে সোমবাৰে আফগানিস্তানৰ দলৰ অনুশীলন স্থলীত উপস্থিত হৈছিল শচীন।

শচীনে আফগানিস্তানৰ  ৰছিদ খান, হাচমতুল্লাহ শ্বাহিদীৰ সৈতে কথা পাতে। আফগানিস্তানৰ দলৰ হৈ মহম্মদ নবীয়ে শচীনক বিশেষ সন্মান প্ৰদান কৰে। এই ভিডিঅ’টো আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে। আফগানিস্তানৰ ক্ৰিকেটাৰসকল মঙলবাৰে ভাল প্ৰদৰ্শনেৰে জয়ৰ বাবে আত্মবিশ্বাসী উঠিছে।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অজয় ​​জাডেজা এইবাৰৰ এদিনীয়া বিশ্বকাপত আফগানিস্তান দলৰ মেন্টৰ হিচাপে আছে। বহুতৰ মতে এই প্ৰতিযোগিতাত আফগানিস্তানৰ সফলতাত জাডেজাই বহুখিনি অৰিহণা যোগাইছে। ১৯৯৬ চনত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে জাদেজাই আক্ৰমণাত্মক ইনিংছ খেলিছিল।

তেওঁৰ বেটিঙৰ উপৰিও বলিং আৰু ফিল্ডিং ভাৰতীয় দলৰ সম্পদ আছিল। মেচ ফিক্সিঙৰ লগত জড়িত থকাৰ অভিযোগত জাদেজাই ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ নাপালে। কিন্তু এতিয়া তেওঁ আফগানিস্তানৰ দলৰ গুৰু হিচাপে সফলতা লাভ কৰিছে।

এইবাৰৰ এদিনীয়া বিশ্বকাপত আফগানিস্তানে পাকিস্তান, ইংলেণ্ড, শ্ৰীলংকাক পৰাস্ত কৰি আচৰিত ধৰণৰ প্ৰদৰ্শন দেখুৱাইছে। ইয়াৰ পূৰ্বে আফগানিস্তানে এদিনীয়া বিশ্বকাপত মাত্ৰ এখন খেলতহে জয়লাভ কৰিছিল। কিন্তু এইবাৰ তেওঁলোকে এতিয়ালৈকে ৭ খন মেচৰ ভিতৰত ৪ খন খেলত জয়লাভ কৰিছে। অন্তিমখন খেলত আফগানিস্তানে নেদাৰলেণ্ডক পৰাস্ত কৰে। সেইবাবেই জাদেজাৰ দলটোৱে ছেমি ফাইনেলৰ দৌৰত নামিছে।

আফগানিস্তান-অষ্ট্ৰেলিয়াৰ খেলখনৰ আন এক তাৎপৰ্যও আছে। অষ্ট্ৰেলিয়াই চলিত বৰ্ষৰ মাৰ্চ মাহত সংযুক্ত আৰব আমিৰশ্বাহীত আফগানিস্তানৰ বিৰুদ্ধে ৩খন এদিনীয়া শৃংখলা খেলাৰ কথা আছিল। কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াই তালিবান শাসিত আফগানিস্তানত মহিলাৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ ওপৰত বাধা আৰোপ কৰাৰ বাবে এই শৃংখলা বাতিল কৰে। অষ্ট্ৰেলিয়া চৰকাৰেও এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে।

ছিৰিজটো বাতিল হোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰে আফগানিস্তানৰ ক্ৰিকেট মহল। সেই ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব আফগানিস্তান। সোমবাৰে অনুষ্ঠিত সংবাদমেলত অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথক শৃংখলা বাতিলৰ সন্দৰ্ভত প্ৰশ্ন কৰা হয়। স্মিথে অৱশ্যে দাবী কৰে যে এই বিষয়ত সিদ্ধান্ত ল’বলৈ তেওঁ কোনো নহয়। উচ্চ পৰ্যায়ত এই সিদ্ধান্ত লৈছিল।