NORTHEAST NOW (Assamese)

ছচিয়েল মিডিয়াত শচীনক চৰম কটাক্ষ! এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেবে

February 6, 2021 3:39 pm · এন ই নাও নিউজ
কপিল দেব। ফাইল ফটো।

দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভক লৈ গ্ৰেটা থুনবাৰ্গ, ৰিহানাৰ দৰে আন্তৰ্জাতিক ব্যক্তিত্বৰ মাত মতাটো শচীন তেণ্ডুলকাৰে ভাল পোৱা নাই।

সেয়ে, শচীনে কৃষক বিক্ষোভ বিৰোধী কোনো কথা নোকোৱাকৈ ভাৰতৰ আভ্যন্তৰীণ সমস্যা ভাৰতীয়সকলেই সমধান কৰিব পাৰে বুলি টুইটাৰত মন্তব্য কৰে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ কটাক্ষৰ সন্মুখীন হয় শচীন।

ইয়াৰ মাজতে এইবাৰ কৃষক বিক্ষোভক লৈ ছচিয়েল মিডিয়াত নিজৰ মত ব্যক্ত কৰিলে কিংবদন্তি ক্ৰিএটাৰ কপিল দেবে।

ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে টুইট কৰি কয়, ’’স্বাভাৱিকভাৱেই মই ভাৰতক ভালপাঁও। আশা কৰো কৃষক আৰু চৰকাৰৰ মাজত মতানৈক্য যিমানদূৰ সম্ভৱ শীঘ্ৰেই সমাধা হ’ব। বিশেষজ্ঞসকলক সিদ্ধান্ত ল’বলৈ দিয়ক। কিন্তু এটা বিষয় নিশ্চিত যে সকলোতকৈ আগত হ’ল দেশ।‘’

কপিল দেবে লগতে কয়,’’ইয়াৰ লগতে মই ক’ব খোজো আমাৰ ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত ব্যাপক সফলতা লাভ কৰক। জয় হিন্দ।‘’

উল্লেখ্য যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাহিৰৰ অনাকাংখিত হস্তক্ষেপ মূলত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস বুলি দেশৰ তাৰকাসকলে ধাৰণা কৰে।

এইক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট তাৰকাসকলেও মৌন হৈ নাথাকি নিজৰ মত ব্যক্ত কৰিছে। শচীন তেণ্ডুলকাৰ, অনিল কুম্বলেৰ পৰা আৰম্ভ কৰি বিৰাট কোহলি, ৰেহিত শৰ্মা, ৰাহানেৰ দৰে তাৰকাসকলে ছচিয়েল মিডিয়াত তেওঁলোকৰ মত ব্যক্ত কৰিছে।

Related News