NORTHEAST NOW (Assamese)
Popular Stories

৩৪ সংখ্যক জন্মদিন পালনৰ এদিন পিছতেই ক’ৰ’নাত আক্ৰান্ত মহান স্প্ৰিণ্টাৰ উছেইন ব’ল্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 8:36 am

বিশ্বৰ আটাইতকৈ দ্ৰুততম, সফল তথা আঠবাৰৰ অলিম্পিক চেম্পিয়ন স্প্ৰিণ্টাৰ উছেইন ব’ল্ট ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। স্প্ৰিণ্টাৰ গৰাকীয়ে সোমবাৰে এই কথা জনায়।

ব’ল্টে লগতে কয় যে তেওঁৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাছিল আৰু তেওঁক হোম কোৱাৰেণ্টাইনতে থকাৰ পৰামৰ্শ প্ৰদান কৰিছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ব’ল্টে কয়, ‍‘মই ক’ভিড-১৯ ত আক্ৰান্ত হৈছো। যোৱা শনিবাৰে মই ইয়াৰ টেষ্ট কৰিছিলো’।

তেওঁ লগতে কয়, ‍‘মোৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাই, সেয়ে মই নিজকে হোম কোৱাৰেণ্টাইন কৰিম’।

উল্লেখ্য যে জামাইকান স্প্ৰিণ্টাৰ গৰাকীয়ে উলহ মালহেৰে নিজৰ ৩৪ সংখ্যক জন্মদিন উদযাপনৰ ঠিক এদিন পিছতেই ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে ব’ল্টৰ জন্মদিন পাৰ্টিত বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ কেইবাগৰাকীও নামি-দামী তাৰকা উপস্থিত আছিল।

মিডিয়াত প্ৰকাশিত অনুসৰি পাৰ্টিটোত উপস্থিত আছিল মানচেষ্টাৰ চিটিৰ ষ্টাৰ ৰহিম ষ্টাৰলিং, বায়াৰ লেভাৰকিউজেন, লিয়ন বেইলি আৰু বিস্ফোৰক ক্ৰিকেটাৰ ক্ৰিছ গেইল।