NORTHEAST NOW (Assamese)

লেখাপানীত তিনি ড্ৰাগছ আসক্তক আটক, জেৰা অব্যাহত

September 17, 2022 6:56 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত খাৰাংকং গাঁওৰ পৰা তিনিজন ড্ৰাগছ আসক্তক শুকুৰবাৰে আটক কৰে লেখাপানী আৰক্ষীয়ে।

তিনিজন ড্ৰাগছ আসক্ত ব্যক্তি হ’ল ২নং নিঙগামৰ নিবাসী গুণকান্ত ওৰাং, ৩ নং উদয়পুৰৰ নিবাসী বিকাশ সিং ছেত্ৰী আৰু ৩ নং উদয়পুৰৰ নিবাসী শেখৰ লাল গিৰি।

ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে এটা চাধা টেমাত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে।

বৰ্তমান লেখাপানী আৰক্ষীৰ জিম্মাত ৰখা ধৃত লোক কেইজনৰ পৰা অধিক তথ্য বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে প্ৰতিদিনে তিনিচুকীয়া জিলা খনৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও ড্ৰাগছৰ নেটৱৰ্ক সম্পূৰ্ণ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা লবলৈ আৰক্ষীক আহ্বান জনাইছে সচেতন ৰাইজে। 

Related News