NORTHEAST NOW (Assamese)

লেখাপানীত লালিগুড়সহ বলেৰ’ পিকআপ জব্দ; দুজনক আটক

June 19, 2019 8:33 pm · মানস প্ৰতিম গগৈ

ৰাজ্যখনত বিষাক্ত চুলাই মদ সেৱন কৰি শ শ লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰশাসনে চুলাই প্ৰস্তত কৰা লালিগুড়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যদিও বৰ্তমানেও ৰাজ্যখনৰ সৰ্বত্ৰে লালিগুড়ৰৰ অবৈধ সৰবৰাহ তথা ব্যৱসায় অব্যাহত আছে।

তিনিচুকীয়া জিলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে লালিগুড়ৰ অবৈধ ব্যৱসায় অব্যাহত ৰখাৰ সময়তে আজি পুৱা তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষীয়ে ডিমা হাচাওৰ পৰা সৰবৰাহ হোৱা বুজন পৰিমাণৰ লালিগুড়সহ এখন বলেৰ’ পিকআপ ভান আৰু দুজন লালিগুড় ব্যৱসায়ীক আটক কৰে।

লেখাপানী আৰক্ষীয়ে অভিযান চলাই লেখাপানী থানাৰ অন্তৰ্গত টকলং গাঁ‌ৱত এএছ-০২-বিচি-৮২০০ নম্বৰৰ বলেৰ’ পিকআপ ভানত ডিমা হাচাওৰ পৰা সৰবাৰহ কৰা ১২০টিন লালিগুড় জব্দ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত ৰাজু চৌহান আৰু আচি উদ্দন নামৰ দুজন লালিগুড় ব্যৱসায়ীকো আটক কৰে।

ইফালে লালিগুড় যোগান ধৰিবলৈ অনা টকলঙৰ কুখ্যাত ব্যৱসায়ী জেঠাই লিম্বু সম্প্ৰীতি পলাতক। উল্লেখযোগ্য যে জিলাখনৰ একাংশ দল-সংগঠন আৰু আবকাৰী বিভাগক মেনেজ কৰিয়ে লালিগুড়ৰ মাফিয়াই এই বিষাক্ত ব্যৱসায় তিনিচুকীয়া জিলাখনত চলাই যাবলৈ সক্ষম হৈছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News