NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ তৎপৰতাত চামগুৰিৰ ভৰাগুৰিত পিঞ্জৰাৱদ্ধ বনৰজা

Posted by: বিদ্যুৎ জ্যোতি বৰা December 16, 2018 1:00 pm
5b61cf20-b75f-4762-9eb0-9ae94fc86ce2

নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিভাগ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ চামগুৰিৰ ভৰাগুৰি অঞ্চলত দীৰ্ঘ দিন ধৰি সন্ত্ৰাস চলাই অহা বন ৰজাটো পিঞ্জৰাৱদ্ধ হোৱাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস এৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, চোৱাং সংৰক্ষিত বনাঞ্চলৰ পৰা কিছু দিনৰ আগতে এটা নাহৰফুটুকী বাঘে চাপানলা, উদমাৰী, পদুমণি, কঠালগুৰি, ভৰাগুৰি অঞ্চল আদিত প্ৰৱেশ কৰি কেইবাটাও পশুধন নিধন কৰি সন্ত্ৰাস চলাই আহিছিল।

ইয়াৰ পাছতে বন বিভাগে গোপন তথ্যৰ ভিত্তিত দুদিন আগতে ভৰাগুৰি অঞ্চলৰ  ঘন জংঘলত এটা লোৰ পিঞ্জৰা পাতি ৰাখে আৰু আজি পুৱা বন বিভাগৰ গোপন পিঞ্জৰাত বন্দী হৈ পৰে নাহৰফুটুকীটো ।

পৰবৰ্তী সময়ত উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বনৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি শালনা ৰেঞ্জত চমজাই দিয়ে।

আনহাতে, শালনা বন বিভাগে উক্ত নাহৰফুটুকী বাঘটো কাজিৰঙাস্থিত ৰেচকিউ কেম্পলৈ প্ৰেৰণ কৰে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে, উদমাৰী বন বিভাগক চামগুৰিবাসীয়ে  শলাগ লৈছে ।