NORTHEAST NOW (Assamese)

মহানগৰীত মৃত নাহৰফুটুকী উদ্ধাৰ

January 2, 2021 8:54 am · এন ই নাও নিউজ
পিঞ্জৰাবদ্ধ নাহৰফুটুকী। ফাইল ফটো।

মহানগৰীৰ মালিগাঁও অঞ্চলত বন বিভাগৰ বিষয়াসকলে শুকুৰবাৰে এটা ছয় মহীয়া নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে।

মালিগাঁৱৰ মাধৱদেৱ নগৰত মৃত পোৱালি নাহৰফুটুকী দেখাৰ পাছত স্থানীয় লোকে বন বিভাগক ঘটনাটো অৱগত কৰে।

বন বিভাগৰ এটা দলে আৰক্ষীৰ সৈতে গৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।

‘’মৃত নাহৰফুটুকীটোৰ দেহত আঘাতৰ চিন আছে। এইটোৰ দ্বাৰা দেখা যায় যে নাহৰফুটুকীটোক হয় আন জন্তুৱে হত্যা কৰিছে নহয়তো পাহাৰৰ পৰা পৰি ইয়াৰ মৃত্যু হৈছে,’’-এগৰাকী বন বিষয়াই এইদৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে মহানগৰীৰ মালিগাঁও অঞ্চলত যোৱা কিছুদিন ধৰি নাহৰফুটুকীয়ে কেইবাজনো লোকক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে।

অঞ্চলটোৰ পাহাৰৰ পৰা নামি অহা বাঘে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নিশাৰ ভাগত বিচৰণ কৰি অহাৰ কথাও জানিব পৰা গৈছে।

Related News