NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ ৫০টা অস্ত্ৰৰেই পৰাজিত হ’ল পাকিস্তান! অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ মুৰব্বীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2025 5:38 pm

ভাৰতীয় বায়ুসেনাই মাত্ৰ ৫০টা অস্ত্ৰ-শস্ত্ৰৰে পাকিস্তানক পৰাস্ত কৰিলে। অপাৰেচন সিন্দুৰৰ তিনি মাহৰ পাছত বায়ুসেনাৰ মুৰব্বী নৰ্মদেশ্বৰ তিৱাৰীয়ে বায়ুসেনাৰ ভূমিকা ৰাজহুৱা কৰে। শেহতীয়াকৈ ব্যক্তিগত সংবাদ মাধ্যমৰ এক অনুষ্ঠানত ভাষণ দি এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীয়ে কয় যে বায়ুসেনাই পাকিস্তানক যুদ্ধবিৰতিৰ টেবুললৈ অনাৰ বাবে ৫০টাতকৈও কম অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

শেষত সেই সংখ্যা ৯ লৈ নামি আহিল। যুদ্ধ আৰম্ভ কৰাটো অতি সহজ, কিন্তু শেষ কৰাটো একেবাৰেই সহজ নহয়। গতিকে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বাহিনী সদায় নিয়োজিত হৈছিল। এই সফলতাৰ কৃতিত্ব ভাৰতীয় বায়ুসেনাৰ ফলপ্ৰসূ কৌশলক এয়াৰ মাৰ্শ্বাল নৰ্মাদেশ্বৰ তিৱাৰীয়ে দিছিল। যি কৌশলে ভাৰতে প্ৰাৰম্ভিক আঘাতৰ পাছত প্ৰতিশোধ ল’বলৈ সক্ষম কৰিছিল। ইয়াৰ ফলত পাকিস্তানে আলোচনাত বহিবলৈ বাধ্য হৈছিল।

বায়ুসেনাৰ মুৰব্বী নৰ্মদেশ্বৰে আৰু কয় যে দিল্লীৰ পৰা স্পষ্ট নিৰ্দেশ আহিছে যে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ সকলোৰে দৃষ্টিগোচৰ হব লাগে। ভৱিষ্যতে যদি ভাৰতৰ ওপৰত কোনো আক্ৰমণ হয়, তেন্তে ইয়াৰ প্ৰতি এইদৰে প্ৰত্যুত্তৰ দিয়া হব। তদুপৰি যুদ্ধই ডাঙৰ ৰূপ ললেও সেনাবাহিনীক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। শত্ৰুৰ যিকোনো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ সৰ্বোচ্চ পৰ্যায়ৰ পৰা সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল। ইয়াৰ বাবে কঠিন পৰিস্থিতিত সিদ্ধান্ত লোৱাত কোনো সমস্যা নাছিল।