NORTHEAST NOW (Assamese)
জীৱনশৈলী

স্তন কেঞ্চাৰৰ পৰা সাৱধান : নিজৰ স্তন কেনেকৈ পৰীক্ষা কৰিব পাৰি জানো আহক

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 27, 2025 5:49 pm

আজিকালি স্তন কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ সাংঘাটিক ধৰণে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৰ্কট ৰোগ পঞ্জীয়ন কাৰ্যসূচী (এনচিআৰপি) ৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতত নতুনকৈ ১৪ লাখতকৈও অধিক স্তনৰ কৰ্কট ৰোগী ধৰা পৰিছে। গতিকে স্তনৰ কৰ্কট ভাৰতৰ এক ডাঙৰ সমস্যা ৰূপে দেখা দিছে।

চিকিৎসক তথা স্তন কৰ্কট বিশেষজ্ঞ সকলে এনে এটা পদ্ধতি উদ্ভাৱন কৰিছে যাৰ দ্বাৰা মহিলা সকলে ঘৰতেই নিজৰ স্তন পৰীক্ষা কৰিব পাৰে। এনেদৰে নিয়মীয়াকৈ স্তন পৰীক্ষা কৰাৰ ফলত প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগ ধৰা পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

স্তন কেঞ্চাৰৰ পৰীক্ষা কেতিয়া আৰু কেনেকৈ কৰিব?

১) মাহেকীয়া ঋতুস্ৰাৱৰ ছয় দিনৰ পিছত নিয়মীয়াকৈ দুয়োটা স্তন পৰীক্ষা কৰিব। নিপল ভিতৰলৈ সোমাই থকা অথবা কোনো ধৰণৰ অস্বাভাৱিক ৰস ওলোৱা । নিপল বা স্তনৰ ছাল কোচ খোৱা আদি অস্বাভাৱিক লক্ষণ আছে নেকি লক্ষ কৰিব।

(২) আইনাৰ সন্মুখত ঠিয় হৈ দুয়োটা নিপলৰ ওপৰত এডাল ৰূলমাৰী ৰাখিব। এনে অৱস্থাত ৰূলমাৰীডাল সমান্তৰালভাৱে আছে নে নাই চাব । স্বাভাৱিক স্থানৰ ক্ষেত্ৰত ৰূলমাৰীডাল সমান্তৰাল ভাবে থাকে।

(৩) সেইদৰে দুয়োটা স্তনৰ তলত ৰূলমাৰীডাল ৰাখিব আৰু স্তন দুটা সমান স্তৰত আছে নে নাই চাওক। এনে অৱস্থাত স্বাভাৱিক স্তন যূগল সমান স্তৰত থাকে।

(৪) দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আছে নেকি চাওক।

(৫) মূৰৰ পিছফালে সোহাত ৰাখিব আৰু বাওহাতেৰে সো স্তনত সামান্য চাপ দি ঘৰীৰ কাটাৰ দিশত ঘূৰাই পৰীক্ষা কৰক । সেইদৰে বাওঁ হাত মূৰৰ পিছলৈ নি সোহাতেৰে বাওস্থন পৰীক্ষা কৰক ‌। এই পৰীক্ষা কৰোঁতে স্তনত টেমুনা বা আন অস্বাভাৱিকতা পাইছেনেকি মন কৰিব ‌

(৬) স্তনৰ বাহিৰৰ পৰা নিপলৰ দিশত মৃদু চাপ দি পৰীক্ষা কৰিব। টেমুনা বা আন অস্বাভাৱিক কিবা পাইছেনেকি মন কৰক ।

(৭) কাষলতিৰ তলত যিকোনো ধৰণৰ টেমুনা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব ।

এনেদৰে পৰীক্ষা কৰাৰ পিছত যদি ইয়াৰ যিকোনো লক্ষণ দেখা পায় তেন্তে ততালীকে চিকিৎসকৰ কাষলৈ যাওঁক।