NORTHEAST NOW (Assamese)
Popular Stories

আবেদন কৰক; LIC ত ওলাইছে ৮ হাজাৰৰো অধিক চাকৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2019 12:41 pm
166807-lic

উপযুক্ত অৰ্হতা আহৰণ কৰি থোৱা নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে আহিছে এক সুন্দৰ সুযোগ। ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এল আই চিয়ে সহায়ক পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এল আই চিয়ে জাৰি কৰা জাননি অনুসৰি সমগ্ৰ ভাৰতত ৮ হাজাৰৰো অধিক সহায়কৰ পদ খালী আছে।

খবৰ অনুসৰি প্ৰাৰ্থীসকলে এই পদৰ বাবে আজিৰ পৰা অনলাইন যোগে এল আই চিৰ অফিচিয়েল ৱেবচাইটত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ শেষ সময়সীমা ১ অক্টোবৰ।

এই পদৰ বাবে প্ৰাৰ্থীসকল স্নাতক ডিগ্ৰী ধাৰী হ’ব লাগিব।

প্ৰাৰ্থীসকলে প্ৰথমে দুটা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ইয়াৰে দ্বিতীয়টো পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰিব।

সাক্ষাৎকাৰৰ আধাৰত প্ৰাৰ্থী সকলক শ্বৰ্টলিষ্ট কৰা হ’ব আৰু ইয়াৰ পাছতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

জানিব পৰা অনুসৰি সহায়ক পদৰ পৰীক্ষা ২১ আৰু ২২ অক্টোবৰত অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইফালে এছ চি/এছ টি শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৮৫ টকা আৰু অন্য শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৫১০ টকা প্ৰ-পত্ৰ পূৰণৰ সময়ত প্ৰদান কৰিব লাগিব।

সবিশেষ তথ্যৰ বাবে আবেদনকাৰী সকলক সময়ে সময়ে এল আই চিৰ ৱেবছাইত নজৰ দি থাকিবলৈ অনুৰোধ জনাইছে।