NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2023 1:08 pm
মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ

নিজৰ ৰাজ্য মণিপুৰকলৈ এনেয়েও তেওঁ চিন্তিত আছিল। কিন্তু সেইবুলিতো আৰু ঘৰত মনে মনে বহি থাকিব নোৱাৰি। ফুটবল খেলিয়েই মন শান্ত কৰিব বিচাৰিছিল। কিন্তু সেইটোও নহ’ল। ভাৰতীয় ফুটবলৰ চাঞ্চল্য চেণ্টাৰ বেক চিংলেনছানা সিঙৰ বাবে যেন সকলো শেষ।

হায়দৰাবাদ এফ চিৰ হৈ আই এছ এল জয় কৰা এইগৰাকী ফুটবলাৰ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত নিজেই যেন জ্বলি ছাই হৈ পৰিল। ভাৰতৰ জাৰ্চি পিন্ধি ১১খন মেচ খেলা চিংলেনছানাই আক্ষেপেৰে কৈছে এই কথা।

লগতে পঢ়ক: মঙলদৈত বজৰং দলৰ অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ; বন্দুক, পিষ্টলৰ প্ৰদৰ্শনে কঢ়িয়াই আনিছে আশংকা

কেইমাহমান আগৰ কথা। তেওঁৰ দল হায়দৰাবাদে সেই সময়ত মোহন বাগানৰ বিৰুদ্ধে এ এফ চি কাপৰ প্লে অফ খেলি আছিল। খেলৰ অন্তত তেওঁ মূৰত যেন আকাশ ভাঙি পৰিল।

সেইদিনা ড্ৰেছিং ৰুমত সোমাই মোবাইল ফোনটোত অগণন মিছ কল আৰু মেছেজ দেখিলে। তেওঁৰ বাবে অপেক্ষা কৰি থকা বেয়া খবৰটো উপলব্ধি কৰিবলৈ বেছি সময় নালাগিল। সেই মুহূৰ্তত তেওঁ কোনোমতে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল।

লগতে পঢ়ক: চলন্ত ৰে’লতে গুলীচালনা! আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন

অৱশ্যে চিংলেনছানাই খুব কষ্ট কৰি বন্ধু এজনৰ লগত কথা পাতিবলৈ সক্ষম হৈছিল। তেতিয়াই গম পালে যে মণিপুৰৰ হিংসাৰ জুইত তেওঁৰ ঘৰৰ পৰা আৰম্ভ কৰি নিজ হাতেৰে নিৰ্মাণ কৰা একাডেমীখনো জ্বলি ছাই হৈ গৈছিল।