NORTHEAST NOW (Assamese)

গাংগুলী আৰু কোহলীৰ অধিনায়কত্বৰ মাজত কি সাদৃশ্য আছে; ক’লে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষকে

November 19, 2020 11:05 am · এন ই নাও নিউজ

কেইবছৰমান আগতে ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে তেওঁৰ কেৰিয়াৰত ৪ খন মেচৰ টেষ্ট শৃংখলা দখল কৰি এক নতুন অধ্যায় লিখিছিল, যেতিয়া ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-০ ত শৃংখলা দখল কৰিছিল।

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয় কৰা এছিয়াৰ প্ৰথম অধিনায়ক হিচাপে পৰিণত হৈছিল বিৰাট কোহলী।

কোহলী নিৰ্ভীক দৃষ্টিভংগীৰ বাবে পৰিচিত আৰু এই গুণটোৰ বাবেই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষক জন বুকুনানক কোহলী আৰু ভাৰতীয় দলৰ পূৰ্বৰ অধিনায়ক সৌৰভ গাংগুলীৰ মাজত সাদৃশ্য থকাৰ কথা ক’বলৈ অনুপ্ৰাণিত কৰিছে।

এটা সাক্ষাৎকাৰত বুকাননে কয় যে কোহলীৰ গাত গাংগুলীৰ গুণ থকা বুলি উল্লেখ কৰি কয়, ‘সৌৰভ গাংগুলীয়ে ভাৰতীয় দলৰ নেতৃত্ব গ্ৰহণ কৰাৰ পিছত, তেওঁ কেৱল খেলাৰ এক পৃথক উপায়েই নহয়, অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে নিজকে পৰিচালনা কৰাৰ এক পৃথক উপায়ো গ্ৰহণ কৰিছিল’।

গাংগুলীয়ে ভাৰতীয় দলক আন এক স্তৰলৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু গাংগুলীৰ দৰে বিৰাট কোহলীয়েও এই একেই কাম কৰি আছে বুলি বুকাননে মন্তব্য কৰে।

বুকাননে কোহলীক প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে কয়, ‘তেওঁ (বিৰাট কোহলীয়ে) অবিশ্বাস্যভাৱে ভাল কাম কৰিছে- তেওঁ ৰান কৰক বা নকৰক। যদি আমি ২০১৯ লৈ উভতি যাওঁ, পূজাৰা শৃংখলাৰ তাৰকা আছিল আৰু কোহলীয়ে কিছু বৰঙণি আগবঢ়াইছিল, সেয়ে কোহলীৰ প্ৰকৃত অৱদান হৈছে তেওঁৰ অধিনায়কত্ব আৰু যিদৰে তেওঁ মহানতাৰ পৰিচয় দিছে- কেৱল খেল জিকিবলৈ নহয়, অন্য দলক পৰাজিত কৰাৰো এক উপায়’।

উল্লেখ্য যে বিৰাট কোহলীয়ে এইবাৰ অষ্ট্ৰেলিয়াত মাত্ৰ এখন টেষ্ট মেচহে খেলিব। প্ৰথম টেষ্টৰ পিছতে তেওঁ ব্যক্তিগত কাৰণৰ বাবে নিজ দেশলৈ উভতি আহিব।

Related News