NORTHEAST NOW (Assamese)
Popular Stories

২৫৯ কোটি টকাৰ বাৰ্ষিক চুক্তিত ফুটবল ক্লাব সলাব নেকি মেছিয়ে? জানো আহক সবিশেষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2021 5:35 pm
২৫৯ কোটি টকাৰ বাৰ্ষিক চুক্তিত ফুটবল ক্লাব সলাব নেকি মেছিয়ে? জানো আহক সবিশেষ

অচিৰেই ফুটবল ক্লাব সলনি কৰিব পাৰে বাৰ্চিলোনাৰ তাৰকা লিয়নেল মেছি।

স্পেনিছ লীগৰ এই ক্লাবটো সলনি কৰি তেওঁক ইংলিছ প্ৰিমিয়াৰ লীগৰ মানচেষ্টাৰ চিটিৰ হৈ খেলপথাৰত অৱতীৰ্ণ হোৱা দেখা যাব পাৰে।

ব্ৰিটেইনৰ এখন সংবাদপত্ৰত প্ৰকাশ পোৱা মতে, ইয়াৰ বাবে মানচেষ্টাৰ চিটিয়ে মেছিক সপ্তাহত কোনোধৰণৰ টেক্স সংলগ্ন নোহোৱাকৈ ৫ কোটিৰো অধিক দৰমহা প্ৰদান কৰিব লাগিব।

তদুপৰি অভিলেখসংখ্যক ২৫৯ কোটি টকাৰো অধিক বাৰ্ষিক চুক্তিৰ বিনিময়তহে তাৰকাজনে ক্লাবটোৰ হৈ খেলিব বুলি বাতৰি প্ৰকাশ পাইছে।

যদি মেছি আৰু ক্লাবটোৰ মাজত চুক্তি  সম্পন্ন হয়, তেন্তে ইংলিছ প্ৰিমিয়াৰ লীগৰ ইতিহাসত আটাইতকৈ দামী খেলুৱৈ হিচাপে মেছি পৰিগণিত হ’ব।