NORTHEAST NOW (Assamese)
Popular Stories

মেছি মেজিক! প্ৰায় ৬৫ কোটি টকাত নিলাম হ’ল মেছিৰ বিশ্বকাপ জয়ী জাৰ্চি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2023 2:51 pm
Lionel Messi

১৮ ডিচেম্বৰ, ২০২২; সেইদিনাই ফুটবল বিশ্বত উঠিছিল আনন্দৰ জোৱাৰ। বিশ্ব ফুটবল ইতিহাসৰ সৰ্বকালৰে অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিয়ে প্ৰথমবাৰৰ চুম্বন দিয়াৰ সুযোগ লাভ কৰিছিল বিশ্বকাপ খিতাপত। কাটাৰত বিশ্ব জয় কৰিছিল আৰ্জেণ্টিনাই।

প্ৰিয় তাৰকাগৰাকীৰ সাফল্যই আন্দোলিত কৰি তুলিছিল বিশ্বজুৰি থকা অলেখ অযুত অনুৰাগীক। বিশ্বকাপ জয়ৰ এই প্ৰায় এটা বছৰৰ পিছত পুনৰ উদ্ভাসিত হৈছে মেছি মেজিক। পুনৰ যেন প্ৰাণ পাই উঠিছে মেছিৰ বিশ্ব জয়ৰ স্মৃতি।

কাটাৰ বিশ্বকাপ অভিযানৰ সময়ত লিঅ’নেল মেছিয়ে পৰিধান কৰা আৰ্জেণ্টিনাৰ জাতীয় দলৰ ছটা জাৰ্চিৰ এটা চেট বৃহস্পতিবাৰে নিলাম কৰা হয়। এই জাৰ্চিকেইটা নিলাম হয় ৭.৮ মিলিয়ন মাৰ্কিন ডলাৰত।

লক্ষণীয়ভাৱে, মেছিৰ এই জাৰ্চি ক্ৰীড়া ইতিহাসৰ আটাইতকৈ মূল্যৱান সামগ্ৰীৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ স্থাপন কৰিব বুলি আশা কৰা হৈছিল। অৱশ্যে এই সম্ভাৱনা মূৰকত ভংগ হয় আৰু ইতিহাসৰ তৃতীয় সৰ্বাধিক মূল্যৱান জাৰ্চি ৰূপে পৰিগণিত হয়।

নিউয়ৰ্ক চহৰৰ নিলাম সংস্থা ছ’থেবিজে সদৰী কৰা তথ্য অনুসৰি, বিশ্বকাপৰ ফাইনেলত পৰিহিত এটা জাৰ্চিকে ধৰি ছটা জাৰ্চি মুঠ ৭.৮০৩ মিলিয়ন ডলাৰত বিক্ৰী হয়। বিশ্বকাপৰ সাতখন মেচত মেছিয়ে পৰিধান কৰা সাতটা জাৰ্চিৰ ভিতৰত ছটা জাৰ্চি অন্তৰ্ভুক্ত আছিল এই নিলামত।

আনহাতে পোলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত মেছিয়ে পৰিধান কৰা জাৰ্চি বিপক্ষৰ খেলুৱৈৰ সৈতে সলনি কৰাৰ বাবে এই জাৰ্চি উপলব্ধ নাছিল বুলি ছ’থেবিয়ে সদৰী কৰে।

উল্লেখ্য যে, বিশ্ব ক্ৰীড়াৰ ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী হোৱা জাৰ্চি আছিল প্ৰখ্যাত বাস্কেটবল তাৰকা মাইকেল জৰ্ডানৰ ১৯৯৮ চনৰ এনবিএ ফাইনেলছত পৰিহিত জাৰ্চি। যোৱা বছৰ এই জাৰ্চি অভিলেখ ১০.১ মিলিয়ন ডলাৰত নিলাম হৈছিল।

নিলামত বিক্ৰী হোৱা দ্বিতীয়খন আটাইতকৈ মূল্যৱান জাৰ্চি আছিল ১৯৮৬ চনৰ বিশ্বকাপৰ সময়ত পিন্ধা ডিয়েগো মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ গ’ল জাৰ্চি। বিগত বৰ্ষৰ মে’ মাহত ৯.২৮ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল এই জাৰ্চি।