NORTHEAST NOW (Assamese)

‘নাই আন্তৰিকতা, কেৱল মোহ! লিভ-ইন হৈছে টাইম পাছ’ : এলাহাবাদ উচ্চ ন্যায়ালয়

October 26, 2023 3:05 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: October 26, 2023 2:50 pm

দেশত লিভ-ইন দম্পতীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এলাহবাদ উচ্চ ন্যায়ালয়ে কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এলাহবাদ উচ্চ ন্যায়ালয়ে কয় যে লিভ-ইন হৈছে এক মোহ যত সম্পৰ্কৰ আন্তৰিকতা নাথাকে।

এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰক্ষীৰ সুৰক্ষা বিচাৰি আন্তঃধৰ্মীয় লাইভ-ইন দম্পতীয়ে দাখিল কৰা আবেদন খাৰিজ কৰি লগতে কয় যে এনে ধৰণৰ সম্পৰ্ক কোনো আন্তৰিকতা নাথাকে ই কেৱল একেলগে থকাৰ মোহ আৰু ইয়াৰ ফলত প্ৰায়ে টাইমপাছহে কৰা হয়।

দেশৰ উচ্চতম ন্যায়ালয়ে কেইবাটাও গোচৰত লাইভ-ইন সম্পৰ্কক বৈধতা প্ৰদান কৰাৰ সময়তে এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাহুল চতুৰ্বেদী আৰু মহম্মদ আজহাৰ হুছেইন ইদ্ৰিছিৰ বিচাৰপীঠৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে।

ন্যায়াধীশদ্বয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি লগতে কয় যে দুমাহৰ ভিতৰত, তাকো এহাল ২০-২২ বছৰীয়া কোমল বয়সৰ দম্পতীহালে তেওঁলোকৰ অস্থায়ী সম্পৰ্কৰ ক্ষেত্ৰত বিশেষভাৱে সচেতন বুলি ন্যায়ালয়ে বিবেচনা নকৰে।

যেতিয়ালৈকে দম্পতীহালে বিয়া হোৱাৰ সিদ্ধান্ত লোৱা নাই আৰু তেওঁলোকৰ সম্পৰ্কক এটা নাম নিদিয়ে, আৰু ইজনে সিজনৰ প্ৰতি আন্তৰিকতা নাথাকে, তেন্তে আদালতে এনে সম্পৰ্কৰ বিষয়ে কোনো মতামত প্ৰকাশ কৰাৰ পৰা আঁতৰি থাকে আৰু আঁতৰি থাকিব। বিচাৰপীঠে লগতে কয়।

উল্লেখ্য যে এগৰাকী হিন্দু যুৱতী আৰু এজন মুছলমান যুৱকে যৌথভাৱে এখন আবেদন দাখিল কৰিছিল। যত যুৱতীগৰাকীৰ পেহীয়েকে ৰুজু কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৬ অধীনৰ অপহৰণৰ বিৰুদ্ধে ৰুজু কৰা গোচৰক প্ৰত্যাহ্বান জনোৱা হৈছিল।

তেওঁলোকে লাইভ ইন ৰিলেচনশ্বিপত থাকিবলৈ সিদ্ধান্ত লৈ তেওঁলোকৰ আবেদনত আৰক্ষীৰ সুৰক্ষাও বিচাৰিছিল। 

Related News