NORTHEAST NOW (Assamese)
অসম

Video|| লোকেল কুং ফু টীমৰ নতুন এক্সন চিনেমা, অসমত মুক্তি ৭ ডিচেম্বৰত

Posted by: মুকুট দাস Updated by: মুকুট দাস November 15, 2018 4:38 pm
local kung fu

শীঘ্ৰেই মুক্তি পাব লোকেল কুং ফু-খ্যাত কেনি বসুমতাৰীৰ নতুন অসমীয়া এক্সন চিনেমা চাচপেন্দে’দ ইন্সপেক্তৰ বৰো

“অসমত ৭ ডিচেম্বৰত ৰিলীজ হৈ আছে। আৰু ভাবি আছো মুম্বাই, দিল্লী আদি কেইখনমান চহৰত চাহিদা চাই চিনেমাখন মুক্তি দিয়া হ’ব। অসমৰ ৪০/৫০টা মান হলত চিনেমাখন ৰিলীজ দিয়া হ’ব,” বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাও-ক জনাই চিনেমাখনৰ পৰিচালক কেনি বসুমতাৰীয়ে।

এক্সন আৰু হাস্যৰসপূৰ্ণ পূৰ্বৰ লোকেল কুং ফু-তকৈ নতুন চিনেমাখনৰ এক্সন অধিক উন্নত হ’ব বুলি জনাইছে বলিউদতো অভিনয় আৰু হিন্দী টি ভি ধাৰাৱাহিক পৰিচালনাৰে খ্যাতি অৰ্জা কেনিয়ে।

চাওক কেনিৰ নতুন চিনেমা চাচপেন্দে’দ ইন্সপেক্তৰ বৰো-ৰ ত্ৰেইলাৰ

পূৰ্বৰ লোকেল কুং ফু ছিৰিজৰ সৈতে জৰিত শিল্পীসকলৰ লগতে নতুন চিনেমাখনত দেখা যাব বাংলা চিনেমা খোজ-ত অভিনয়েৰে প্ৰশংসা বোটলা পুনম গুৰুঙক।

লোকেল কুং ফু-তকৈ অধিক বাজেটেৰে নিৰ্মিত এই চিনেমাখনৰ শ্বুটিং হৈছে গুৱাহাটী আৰু ওদালগুৰিত। কেনিৰ লগতে চিনেমাখন প্ৰযোজনা কৰিছে প্ৰিয়মা গোস্বামী আৰু ভিষম ৰায়ে।

লোকেল কুং ফু ছিৰিজৰ দুয়োখন চিনেমাই অসমত বিশেষকৈ যুৱ প্ৰজন্মৰ ব্যাপক সমাদৰ লাভ কৰিছিল।