NORTHEAST NOW (Assamese)
অসম

জৰাজীৰ্ণ গড়কপ্তানি পথ মেৰামতি কৰিলে টীয়ক কলিয়াপানীৰ ৰাইজে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 20, 2020 7:03 pm

যোৰহাট জিলাৰ টীয়ক কলিয়াপানীৰ সদাব্যস্ত কলিয়াপানী চেলেংহাট সংযোগী গড়কাপ্তানী পথত কেইবাটাও চৰকাৰী কাৰ্যালয়, সপ্তাহিক বজাৰ তথা অসমৰ অন্যতম ঐতিহ্য শ্ৰী শ্ৰী আউনিআটী সত্ৰলৈ নিতৌ হাজাৰ হাজাৰ ব্যক্তিয়ে যাতায়ত কৰে।

বৰ্তমান এই পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত সৰ্বসাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে। পথৰ ওপৰত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত।

যান বাহনটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও সমস্যা। ৰাইজে জিলা প্ৰশাসন, জনপ্ৰতিনিধি, অসম চৰকাৰৰ গড়কাপ্তানী বিভাগক বহু বাৰ আবেদন নিবেদন কৰি কোনো সুফল নাপালে।

উপায়ন্তৰ হৈ কলিয়াপানী অঞ্চলৰ একাংশ ৰাইজে গাঁঠিৰ ধন ভাঙি আজি টীয়ক-কলিয়াপানী-চেলেংহাট সংযোগী পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰে।

টীয়ক-কলিয়াপানী-চেলেংহাট সংযোগী পথটো অতি শীঘ্ৰে যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে।