NORTHEAST NOW (Assamese)
অসম

পথ নে পুখুৰী ধৰিবই নোৱাৰি; কলিয়াবৰৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা June 13, 2021 11:22 am
Road in Kaliabor

প্ৰথমতে দেখিলে হয়তো আপুনি ভাৱিব এইটো পথাৰলৈ যোৱা পথ। কিন্তু পথাৰলৈ যোৱা পথ বুলি ভুল নকৰিব, এইটো ৰাইজৰ যাতায়তৰ এটা ব্যস্ত পথহে।

দৰাচলতে কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এই ব্যস্ত পথটো এতিয়া এটা পথ নে পুখুৰী একো ধৰিব নোৱাৰি।

এই পথটোৰে দৈনিক কেইবা শতাধিক পথাচাৰী অহাযোৱা কৰে। ৩ কিঃমিঃ দৈৰ্ঘ্যৰ হাটবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই পথচোৱাই এতিয়া জ্বলাকলা খুৱাইছে অঞ্চলবাসী ৰাইজক।

বাৰিষাৰ কথাটো বাদেই, মাত্ৰ এজাক বৰষুণ দিলেই এই পথচোৱা বোকাময় হৈ পৰে।

স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইচোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক তিক্ততা দি আহিছে।

পথটোৰে গাড়ী-বাইক চলাই যোৱাটো দূৰৈৰ কথা সেই পথৰে খোজকাঢ়ি যাবলৈও  চিন্তা কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।

আনকি ৰোগী নিবলৈ আহিলে ১০৮ এম্বুলেঞ্চো আধাবাটতে ৰৈ যাব লগা হয় এই পথৰ দুৰৱস্থাৰ বাবে।

অৱশেষত স্থানীয় লোকসকলে আজি পথলৈ ওলায় আহি নিজেই কোৰ মাৰি পথটো যাতায়তৰ উপযোগীকৈ নিৰ্মাঁণ কৰাৰ ব্যৱস্থা কৰে।

আনহাতে, অঞ্চলবাসী ৰাইজে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণ কৰাৰ বাবে দাবী জনাইছে।