NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত প্ৰতিক্ৰিয়া: ম্যাদী পট্টাৰ ভূমিত জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খননৰ অভিযোগ

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ March 30, 2022 2:15 pm
বিশ্বনাথত প্ৰতিক্ৰিয়া: ম্যাদী পট্টাৰ ভূমিত জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খননৰ অভিযোগ

বিশ্বনাথৰ বাঘমাৰীস্থিত পাৱাৰ গ্ৰীডৰ কেতবোৰ কৰ্ম-কাণ্ডই স্তম্ভিত কৰি তুলিছে একাংশ স্থানীয় লোকক।

ম্যাদী পট্টাৰ ভূমিত কোনো জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষই খনন চলোৱাৰ গুৰুতৰ অভিযোগ কৰিছে একাংশ লোকে।

খনন কাৰ্যত বাধা দিবলৈ যাওঁতে পাঁচজনকৈ ব্যক্তিক আটক আৰক্ষীয়ে আটক কৰাৰো খবৰ পোৱা গৈছে।

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰৰ অধীনত বাঘমাৰীস্থিত পাৱাৰ গ্ৰীডত চলিছে উন্নয়নৰ কাম ।
পাৱাৰগ্ৰীড কৰ্তৃপক্ষই কোনো জাননী নিদিয়াকৈয়ে উক্ত অঞ্চলৰ ম্যাদী পট্টা থকা মাটিতি খনন চলোৱাত জাঙুৰ খাই উঠিছে মাটিৰ মালিকসকল।

মাটিৰ মালিকসকলে কয়—’ দেশত গণতন্ত্ৰ নহয়,ৰাজতন্ত্ৰ চলিছে। পাৱাৰগ্ৰীড কৰ্পৰেচনে সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে মাটিত খনন চলাইছে’।

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো বাধা প্ৰদান কৰিলে পাৱাৰ গ্ৰীড কৰ্তৃপক্ষ আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে।

পাৱাৰ গ্ৰীডৰ বিষয়াৰ নেতৃত্বত আৰক্ষী, অৰ্ধসামৰিক বাহিনী লৈ বলপূৰ্বক টাৱাৰৰ কাম আৰম্ভ কৰাৰ অভিযোগ কৰিছে মাটিৰ মালিকসকলে।

উচিত মূল্য নিদিয়াকৈ,কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ম্যাদী পট্টাৰ ভূমিত চিনেমাৰ কায়দাৰে এনেদৰে বলপূৰ্বক খনন চলোৱা কাৰ্যক কোনো পধ্যে মানি লোৱা নহ’ব বুলি সকিয়াই দিছে মাটৰি মালিকসকলে ।

পাৱাৰ গ্ৰীড কৰ্তৃপক্ষৰ পৰা সাংবাদিকে এই বিষয়ে জানিবলৈ বিচৰাত সংশ্লিষ্টে বিষয়াসকলে মন্তব্য দিয়াৰ পৰা সম্পূৰ্ণ বিৰত থাকে ।

আৰক্ষীয়ে আটক কৰি নিয়া ব্যক্তি কেইজন হৈছে ক্ৰমে বকুল ভূঞা, জিতু শ‌ইকীয়া, পৃথিৱীৰাজ শ‌ইকীয়া, নেত্ৰকমল হাজৰিকা, অৰুণাভ ‌শ‌ইকীয়া আৰু তপন শইকীয়া ।