NORTHEAST NOW (Assamese)
অসম

কোকিলাৰ চাকলাত নিচাগ্ৰস্ত দুই যুৱকৰ কিশোৰ অপহৰণৰ চেষ্টা

Posted by: ইয়াছিন আলী October 28, 2018 11:27 am
কোকিলাৰ চাকলাত নিচাগ্ৰস্ত দুই যুৱকৰ কিশোৰ অপহৰণৰ চেষ্টা

শনিবাৰে নিশা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত চাকলাত দুজনকৈ যুৱকে ডেণ্ডড্ৰাইট জাতীয় নিচা সেৱন কৰি অঞ্চলটোত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।

আনকি নিচাগ্ৰস্ত যুৱক দুজনে অঞ্চলটোৰে এজন কিশোৰক অপহৰণ কৰাৰো চেষ্টা কৰে। অৱশ্যে কিশোৰটিয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকৰ সমাগম হয়। আৰু কিশোৰটি অপহৰণ কৰাৰ ক্ষেত্ৰত যুৱক দুজন সফল হ’ব নোৱাৰিলে।

অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰা যুৱক দুজন হ’ল ক্ৰমে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ আব্দুল হাইৰ পুত্ৰ মাহমাদুল ইছলাম আৰু আবুল হুছেইনৰ পুত্ৰ ৰাশিদুল ইছলাম।

ঘটনাস্থলীত সমৱেত লোকে যুৱক দুজনক উত্তম-মধ্যম সোধায় পৰিস্থিতি উত্তপ্ত কৰি তোলে। অৱশ্যে পিছত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰু স্থানীয় ৰাইজে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰা দুই যুৱকক আৰক্ষীৰ হাতত চমজাই দিয়ে।