NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত কেঁকোসাপ উদ্ধাৰ; স্থানীয় ৰাইজে মুকলি কৰি দিলে বনাঞ্চলত

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 11, 2019 7:31 pm
Screenshot_20190611_180518

মঙলবাৰে বিয়লি কলিয়াবৰৰ সোণাৰী কামাখ্যা গাঁৱৰ এটা ৰাইচ মিলত বিলুপ্ত প্ৰজাতিৰ এডাল কেঁকোসাপ উদ্ধাৰ কৰা হয়।

ৰাইচ মিলটোত প্ৰথমে এজন  লোকে বিলুপ্ত প্ৰজাতিৰ সাপডাল প্ৰত্যক্ষ কৰে আৰু কেঁকোসাপ ওলোৱা কথা ৰাষ্ট্ৰহোৱাৰ পাছত বিলুপ্ত প্ৰজাতিৰ প্ৰাণীটো চাবৰ বাবে গাঁওখনৰ ৰাইজে মিলটোত ভিৰ কৰে।

কেঁকোসাপ ওলোৱা কথা অঞ্চলটোৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি সঞ্জীৱ ডেকাৰ কাণত পৰাৰ লগে লগে তেওঁ তৎমুহূৰ্ততে ঘটনাস্থলীত উপস্থি হৈ ৰাইজৰ ভিৰৰ মাজৰ পৰা কেঁকোসাপডাল উদ্ধাৰ কৰে আৰু পাছত শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে।

কেঁকোসাপক লৈ ৰাজ্যত অবৈধ ব্যৱসায় চলি থকাৰ সময়ত কলিয়াবৰত উদ্ধাৰহোৱা কেঁকোসাপডাল কোনো দুষ্কৃতিকাৰীৰ হাতত নপৰাকৈ বনাঞ্চলত মুকলি কৰি দিয়া কাৰ্য্যক কলিয়াবৰবাসী ৰাইজে শলাগ লৈছে।

উল্লেখযোগ্য যে, প্ৰায়ে বনবিভাগে অভিযান চলাই চোৰাং চিকাৰীৰ হাতৰ পৰা কেঁকোসাপ উদ্ধাৰ কৰা ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰি থাকে।

চোৰাং চিকাৰীৰ বাবে বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণীবিধ অসমৰ ভূমিৰ পৰা সম্পূৰ্ণৰূপে নহোৱা হোৱাৰ উপক্ৰম হৈছে।