NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাৰ ভেৰগাঁৱত এটিএম সেৱাৰ পৰা বঞ্চিত স্থানীয় ৰাইজ

Posted by: চাজিদ খান September 2, 2018 3:26 pm
IMG-20170419-WA0002-570x320

ওদালগুৰি জিলাৰ ভেৰগাঁও চহৰত বছৰ বছৰ ধৰি এটিএমৰ দৰে সাধাৰণ বেংক সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে স্থানীয় ৰাইজ। কিছু বছৰ পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই ভেৰগাঁও ষ্টেইট বেংক অব ইণ্ডিয়াৰ এটিএমটো লুটি নিছিল আৰু তেতিয়াৰে পৰা আজিকোপতি এটিএমটো কাৰ্যক্ষম কৰিবলৈ সামৰ্থ নহ’ল বেংক কৰ্তৃপক্ষ।

উল্লেখযোগ্য যে ২০১২ চনৰ ৩ এপ্ৰিলতে ভেৰগাঁৱত মুকলি কৰা হৈছিল ষ্টেইট বেংকৰ শাখাটো। আৰু ২০১৪ৰ ২৮ মাৰ্চত ডকাইটে লুটিছিল বেংকৰ এটিএমটো। তেতিয়াৰে পৰা বেংক কৰ্তপক্ষই স্থানীয় ৰাইজক সাধাৰণ এটিএম সেৱাৰ পৰা বঞ্চিত কৰি আহিছে। এই  অভিযোগ স্থানীয় ৰাইজৰ।

এটিএমটো পুনৰ আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠনে বেংক কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও আজিলৈ বেংক কৰ্তৃপক্ষই তেওঁলোকৰ দাবী আৰু অনুৰোধক গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল। যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকে এতিয়া ধন উলিয়াবলৈ যাবলগীয়া হয় টংলালৈ।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বেংক কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এটিএম সেৱা পুনৰ আৰম্ভ হোৱা নাই। তাৰোপৰি বেংক কৰ্তৃপক্ষই নিজে সুৰক্ষা কৰ্মী নিয়োগ কৰি হ’লেও শীঘ্ৰে এটিএমটো কাৰ্যক্ষম কৰি তুলিব লাগে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰে।

আনহাতে ভেৰগাঁও মহকুমাৰ ৰাইজে ভিতৰুৱা গাঁও সমূহত ভেৰগাঁও ষ্টেইট বেংকৰ অধীনত কাষ্টমাৰ চাৰ্ভিছ পইণ্ট স্থাপনৰো দাবী তোলে। তাৰোপৰি ভেৰগাঁৱৰ এ টি এম সেৱা পুনৰাম্ভ কৰা বিষয়টোত চৰকাৰ আৰু বেংক কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় ৰাইজ আৰু দল-সংগঠনে আহ্বান জনায়।