NORTHEAST NOW (Assamese)
অসম

পশ্চিম যোৰহাটৰ নামনি কাঠনিবাৰী গাঁৱৰ এটা ৰাস্তাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট May 13, 2022 9:19 am

পশ্চিম যোৰহাটৰ নামনি কাঠনিবাৰী গাঁৱৰ এটা ৰাস্তাৰ বাবে জীয়াতু ভুগিছে অঞ্চলটোৰ সাধাৰণ ৰাইজক l বিহু মৰা পইচাৰে কণ কণ ল’ৰা-ছোৱালীয়ে বিদ্যালয়লৈ যাবলৈ মেৰামতি কৰিলে বোকাময় পথটো l

ইপিনে, ৰাইজৰ অভিযোগক বিধায়কে গুৰুত্ব নিদিয়ে l ৰাস্তা বিচাৰি আবেদন কৰিবলৈ যাওঁতে অপমানিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ নামনি কাঠনিবাৰী গাৱঁৰ ৰাস্তাটো দেৰগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ভবেন্দ্ৰ নাথ ভাৰালীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

শিক্ষা, স্বাস্থ্য আৰু বাণিজ্যৰ বাবে বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা ভুগি আহিছে এশৰো অধিক বসতি থকা নামনি কাঠনিবাৰী গাঁৱৰ ৰাইজে।

ফটো: নৰ্থইষ্ট নাও।

৪৫ নং গাঁও পঞ্চায়তৰ পৰা জৱ কাৰ্ডৰ কাম কৰি আজিলৈকে পইচা নোপোৱাৰ অভিযোগো আছে গাঁৱৰ ৰাইজৰ।

উপায়ন্তৰ হৈ সকলো ৰাইজে ৰাজপথলৈ ওলাই আহি সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীৰ হস্থক্ষেপ বিচাৰি ৰাস্তাটো নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাইছে l