NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনি ৰূপায়নৰ নামত ভেকোভাওনা; গাঁৱৰ ৰাইজে নাজানেই আঁচনিৰ কথা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 27, 2021 3:38 pm
PM model village project

কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আচঁনিৰ নাম প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও আঁচনি। এই আচঁনি ৰূপায়ন দায়িত্ব প্ৰদান কৰা হৈছে স্থানীয় উন্নয়ন খণ্ড সমূহৰ লগতে সংশ্লিষ্ট জিলা সমূহৰ জিলা পৰিষদ সমূহক।

সাংসদৰ তত্বাৱধানত ৰূপায়ন কৰিবলৈ লোৱা আদৰ্শ গাঁৱৰ এই আঁচনি সমূহৰ ৰূপায়ন সঠিক ৰূপত হৈছেনে ?

আদৰ্শ গাঁও প্ৰতিষ্ঠাৰ নামত গাঁওখনৰ ৰাইজক অন্ধকাৰত ৰাখি একাংশ চৰকাৰী বিষয়া-ঠিকাদাৰে যে চৰকাৰী ধনৰ শৰাধ পাতিছে সেয়া আদৰ্শ গাঁৱৰ নামত চলা কামকাজে সহজে প্ৰতীয়মান কৰিছে।

যোৰহাট জিলাৰ টীয়ক সমষ্টিত পশ্চিম টীয়ক গাঁও পঞ্চায়ত এলেকাৰ উত্তৰ দুলীয়া, জাঁজীমুখ গাঁও পঞ্চায়ত এলেকাৰ চোতাল বাঘ আৰু হাতীশাল গাঁও কেইখনক আদৰ্শ গাঁও আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰি আঁচনি ৰূপায়নৰ বাবে এক কোটি উনত্ৰিশ লাখ বাষষ্ঠি হাজাৰ টকা ধাৰ্য কৰি ইয়াৰে উনসত্তৰ লাখ একানব্বৈ হাজাৰ টকা মোকলাই দিয়া হৈছে।

উত্তৰ দুলীয়াৰ প্ৰস্তাৱিত আদৰ্শ গাঁৱত অংগনবাড়ী কেন্দ্ৰৰ নামত তিনি লাখ পাঁচ হাজাৰ টকা, ফেবাৰ্চ ব্লক দিয়া পথ নিৰ্মাণৰ বাবদ সাত লাখ পয়ত্ৰিশ হাজাৰ টকা, খেলপথাৰ নিৰ্মাণৰ বাবদ চাৰি লাখ পচপন্ন হাজাৰ টকা, সৌৰশক্তি যুক্ত ষ্ট্ৰীট লাইটৰ বাবদ দুই লাখ উনছল্লিছ হাজাৰ  টকা আৰু সামূহিক ভৱন নিৰ্মাণৰ বাবদ চব্বিশ লাখ পয়ষষ্ঠি হাজাৰ টকা ধাৰ্য কৰা হৈছিল ২০১৮-১৯ বিত্তীয় বৰ্ষত।

কিন্তু আঁচনি ৰূপায়নৰ নামত কেৱল অৰ্ধনিৰ্মিত সামূহিক ভৱনটি বাদ দি একোৱেই এই পৰ্যন্ত হৈ নুঠিল আৰু ৰাইজো এই সম্পৰ্কত অৱগত নহয়।