NORTHEAST NOW (Assamese)
অসম

বিকাশ,পৰিৱৰ্তনৰ ছবি! বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে টীয়কৰ ঢেকীয়ানী ভৰলুৱাৰ ৰাইজক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 12, 2021 6:34 am
Screenshot_2021-06-11-17-09-26_1

কংগ্ৰেছৰ ১৫ বছৰীয়া বিকাশ, বিজেপিৰ পাঁচ বছৰীয়া পৰিৱৰ্তনেও ঢুকি নোপোৱা যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ এটা জৰাজীৰ্ণ গড়কপ্তানি পথে জীয়াতু ভুগাইছে অঞ্চলটোৰ পথচাৰীক।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী টীয়কৰ বাদুলীপুখুৰী-ঢেকীয়ানী ভৰলুৱা অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথটো এজাক বৰষুণতে কদৰ্য ৰূপ ধাৰণ কৰে।

দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবে এনেদৰে কদৰ্য ৰূপ ধাৰণ কৰা পথটোৰ মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে।

ইপিনে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে উক্ত পথটোকে ইচ্ছ্যু হিচাপে গ্ৰহণ কৰে যদিও নিৰ্বাচনৰ পাছত কোনো গুৰুত্ব আৰোপ নকৰে যাৰ ফলত যাতায়াতৰ বাবে ৰাইজে গাঁথিৰ ধন ভাঙি পথটো দীৰ্ঘকাল মেৰামতি কৰি আহিছে।

সেয়ে বিষয়টো ৰাজনৈতিক মেৰপাকত আৱদ্ধ নকৰি ৰাইজৰ সুবিধাৰ্থে অতি সোনকালে পথটো নিৰ্মাণ কৰিবলৈ সমষ্টিৰ বিধায়িকাগৰাকীক ৰাইজে আহ্বান জনাইছে।