NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউন অমান্য কৰাৰ অপৰাধত মহানগৰীত চাৰিজন লোকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 9, 2020 12:03 pm

চৰকাৰে জনসমাবেশ অথবা ভিৰ নকৰিবলৈ জনাধাৰণক বাৰেপতি আহ্বান জনাই অহাৰ পিছতো একাংশ ধৰ্মান্ধ লোকে ইয়াক ভেঙুচালি কৰি আছে চৰকাৰী নিৰ্দেশ।

ল’কডাউন অব্যাহত থকাৰ সময়তে মহানগৰীৰ ফাঁচি বজাৰ টি আৰ পি ৰোডস্থিত হনুমান মন্দিৰ সন্মুখত ভিৰ কৰাৰ অপৰাধত চাৰিজনক গ্ৰেপ্তাৰ কৰে ফাঁচিবজাৰ আৰক্ষীয়ে।

ফাঁচিবজাৰ অঞ্চলৰ জগদম্বা প্ৰসাদ মৌৰ (৬৫), সিকন্ডৰ ৰয় (২৮) আদৰ্শ শৰ্মা (৪০) ছাটৰ ছিং জৈন (৬৪) ব্যক্তিকৈইজনক ল’কডাউন অমান্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৮-৯ জনক সোধ পোচ কৰি আছে আৰক্ষীয়ে।

কালি বিয়লি প্ৰায় ৩ বজাত হনুমান জয়ান্তী উপলক্ষে ল’কডাউন নামানি সমবেত হৈছিল প্ৰায় ৪০ গৰাকী লোক।

অযথা ভিৰ কৰাৰ বাবে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে।

লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ নম্বৰ 213/20 ত ভাৰতীয় দণ্ডবিধিৰ 188/269/270/271/ R/W Sec 51/(B of Disaster Management Act) অধীনত এক গোচৰ ৰুজু কৰে।