NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ সময়ৰ টিকেটৰ দাম ঘূৰাই দিব লাগিব এয়াৰলাইনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 8:02 pm
flight

লকডাউনৰ সময়ৰ বাবে বুক কৰা টিকেটৰ দাম যাত্ৰীয়ে ঘূৰাই বিচাৰিলে এয়াৰলাইনসমূহে ঘূৰাই দিব লাগিব।

কোনো ধৰণৰ বাতিলকৰণ মাচুল নোহোৱাকৈ যাত্ৰীক এয়াৰলাইনসমূহে এই ধন ঘূৰাই দিব লাগিব।

ডি জি চি এ (Directorate General of Civil Aviation)এ বৃহস্পতিবাৰে এই নিৰ্দেশ দিছে।

নিৰ্দেশনাটোত কোৱা হৈছে যে টিকেটৰ মূল্য ঘূৰাই বিচৰা যাত্ৰীক তিনি সপ্তাহৰ ভিতৰত তেওঁক টিকেটৰ মূল্য ঘূৰাই দিব লাগিব।

সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকেটৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য হ’ব।

পূৰ্বে ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈ বৰ্তমান ৩ মে’লৈকে বৰ্ধিত হোৱা লকডাউনৰ সমগ্ৰ কালচোৱাৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য হ’ব।

উল্লেখযোগ্য যে বেছিভাগ ব্যক্তিগত এয়াৰলাইনেই যাত্ৰীক টিকেটৰ মূল্য ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল।

পৰিৱৰ্তে তেওঁলোকে যাত্ৰা ৰিচিডিউল কৰাৰ বিকল্প আগবঢ়াইছিল।

কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতে যোৱা ২২ মাৰ্চৰ পৰা সকলো আন্তঃৰাষ্ট্ৰীয় বিমান আৰু ২৫ মাৰ্চৰ পৰা ঘৰুৱা বিমানৰ উৰণ নিষিদ্ধ কৰি ৰাখিছে।

কিন্তু, ৰাজহুৱা খণ্ডৰ এয়াৰ ইণ্ডিয়াক বাদ দি বেছিভাগ এয়াৰলাইনেই প্ৰথম পৰ্য্যায়ৰ লকডাউন অৰ্থাৎ ১৪ এপ্ৰিলৰ পিছলৈ টিকেট বুকিং আগবঢ়াই আহিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ লকডাউন বৃদ্ধি কৰাৰ পিছত ডি জি চি এই ৩ মে’লৈকে সকলো ঘৰুৱা আৰু আন্তঃৰ্জাতিক বিমান বাতিল থাকিব বুলি জাননী জাৰি কৰিছিল।