NORTHEAST NOW (Assamese)
অসম

শাক-পাচলি, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 10:59 pm
Lockdown: Assam CM urges traders’ bodies to control prices

কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যৱসায়ীসকলক আহ্বান জনাইছে।

কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু শাক-পাচলি পাইকাৰী বজাৰ সমিতিৰ সৈতে বুধবাৰে অনুষ্ঠিত এক বৈঠকত ব্যৱসায়ী সংস্থাকেইটাক তেওঁ এই আহ্বান জনায়।

লকডাউনৰ সময়চোৱাত সামগ্ৰীৰ মজুতকৰণ আৰু বহিঃৰাজ্যৰ পৰা সামগ্ৰী পৰিবহণত সহায়ক হোৱাকৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এজন বিষয়াক চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সহযোগিতা কৰাৰ বাবে নিয়োগ কৰা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে গুৱাহাটীলৈ কাষৰীয়া জিলাৰ পৰা শাক-পাচলি আদি কঢ়িওৱাৰ ক্ষেত্ৰত সমস্যা লাঘৱ কৰাৰ বাবে পাইকাৰী বজাৰ সমিতিক কামৰূপ জিলাৰ উপায়ুক্ত আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ সৈতে সহযোগিতাৰে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে ব্যৱসায়ী সংস্থা দুটাক সাম্প্ৰতিক পৰিস্থিতিক মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰি ৰাইজৰ সমস্যাক লাঘৱ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।