NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ দম্পতিৰ মহানুভৱতা: ভাৰা ৰেহাই দিলে ৭জন ছাত্ৰক

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম April 29, 2020 11:21 pm
Lockdown: Biswanath couple exempts student tenant’s rent for April

বিশ্বনাথ চাৰিআলিৰ এহাল দম্পতিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুঠ আঠগৰাকী ভাৰাতীয়াক এমাহৰ ভাৰাত ৰেহাই দিছে।

বামগাওঁ নিবাসী দুৰ্গেশ্বৰ শইকীয়া আৰু পৰিবাৰ কমলা ভূঞা শইকীয়াই তেওঁলোকৰ ভাৰাতীয়া হিচাবে থকা সাতগৰাকী ছাত্ৰক ঘৰভাৰা ৰেহাই দিছে।

এপ্ৰিল মাহৰ বাবে তেওঁলোকক ঘৰভাৰা ৰেহাই দিছে দম্পতিহালে।

তাৰোপৰি দম্পতিহালে তেওঁলোকৰ গুৱাহাটীৰ ফ্লেটত ভাৰাতীয়া হিচাপে থকা এজন সাংবাদিককো এপ্ৰিল মাহৰ ভাৰা আধা ৰেহাই দিছে।

দম্পতিহালে বামগাঁৱত বসবাস কৰা দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহকো খাদ্যসামগ্ৰী যোগান ধৰা বুলি জনাইছে।

কৰ’নাভাইৰাছে সৃষ্টি কৰা সংকটৰ মাজতে বিত্ত মন্ত্ৰী শৰ্মাই পেয়িং গেষ্টবাসী আৰু বেচৰকাৰী চাকৰিয়ালসকলক ভাৰা ৰেহাই দিবলৈ ঘৰৰ মালিকসকলক অনুৰোধ জনাইছিল।