NORTHEAST NOW (Assamese)

লকডাউন উলংঘা : হাতীগাঁও আৰক্ষীৰ অভিযানত জব্দ বহুকেইখন বাইক

April 10, 2020 10:44 am · কল্পজ্যোতি শইকীয়া
Updated: April 10, 2020 2:05 pm
ফটো : নৰ্থ-ইষ্ট নাও

লকডাউন উলংঘা কৰি মহানগৰীৰ ৰাজপথত শুকুৰবাৰে বাইক লৈ ওলাই আহিল বহু লোক। চৰকাৰ-প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো ওলাই অহা এইসকল লোকৰ বিৰুদ্ধে হাতীগাওঁ আৰক্ষীয়ে অভিযান চলায়।

আজি পুৱাৰে পৰা হাতীগাঁও অঞ্চলত লকডাউনৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে যান-বাহন আৰক্ষী তৎপৰ হৈ পৰে। অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বহুকেইখন বাইক।

হাতীগাঁও থানাৰ আৰক্ষী তথা যান-বাহন আৰক্ষীয়ে পুৱাৰে পৰা মুঠ ২০ খন বাইক জব্দ কৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইপিনে, এই লকডাউনৰ মাজতে মুৰ্গী মাংস বিচাৰি পুৱাই ওলাই আহিল দুজন যুৱক। লকডাউনৰ কথা গম পায় যদিও তেওঁলোকে আৰক্ষীয়ে জৰিমনা বিহাৰ কথা গম নাপায়।

“আমি লকডাউনৰ কথা গম পাওঁ। কিন্তু বজাৰ কৰিবলৈ আহিছিলো। হাতীগাঁৱত মুৰ্গী বেচি আছে কিনি আনিলো,”-লকডাউন অমান্য কৰা এজন যুৱকে এইদৰে কয়।

এনেদৰেই আৰক্ষীয়ে বাইক আৰোহীৰ পৰা চাবি কাঢ়ি লৈ তেওঁলোকক খোজ কঢ়াই ঘৰলৈ পঠিওৱা পৰিলক্ষিত হ’ল।

এই বাহন সমূহৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু বাহনৰ গৰাকীয়ে আদালতত গৈ জৰিমনা দিব লাগিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এনেদৰে আৰক্ষীয়ে লকডাউনৰ সময়ত যান-বাহনৰ চলাচল কমাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ নাগৰিকে এতিয়াও ক’ৰ’নাৰ ভয়াবহতা উপলব্ধি কৰিব পৰা নাই।

আনহাতে, বহু লোকে বিভিন্ন অজুহাত দেখুৱাই আৰক্ষীৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাহে পৰিলক্ষিত হ’ল।

Related News