NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰত ৩১ জুলাইলৈ বৃদ্ধি ল’কডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 5:39 pm

মহাৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ৩১ জুলাই পৰ্যন্ত ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰে।

মহাৰাষ্ট্ৰ চৰকাৰে ল’কডাউন ঘোষণা কৰাৰ পাছত ৰাজ্যৰ জনসাধাৰণক প্ৰয়োজনীয় নীতি-নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।

মহাৰাষ্ট্ৰ চৰকাৰে জনসাধাৰণক অপ্ৰয়োজনীয় কাৰ্য্য যেনে শ্বপিং, বাহিৰত অনুশীলন আদিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ১.৬ লাখ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰই ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

উল্লেখযোগ্য যে, দেওবাৰে মণিপুৰতো ১৫ জুলাইলৈ ল’কডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনত ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰি ৰাজ্যৰ জনসাধাৰণক স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।