NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ১৫ জুলাইলৈ ল’কডাউন বৃদ্ধিৰ ঘোষণা মুখ্য মন্ত্ৰী এন বীৰেণ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 10:48 pm

মণিপুৰত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ১৫ জুলাইলৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰা হয়।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে ৰাজ্যখনত ল’কডাউন বৃদ্ধিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

ইয়াৰ পূৰ্বে মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৩০ জুনলৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল।

কিন্তু ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাত মুখ্য মন্ত্ৰী বীৰেণ সিঙে কেবিনেট বৈঠকৰ অন্তত পুনৰ ১৫ জুলাইলৈ ল’কডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, মণিপুৰত বৰ্তমানলৈ ১,১৮৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৯৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বৰ্তমান মণিপুৰৰ বিভিন্ন চিকিৎসালয়ত ক’ৰ’না আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

মুখ্য মন্ত্ৰী বীৰেণ সিঙে ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰি এই সময়ছোৱাত ৰাজ্যৰ সকলো লোককে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনায়।