NORTHEAST NOW (Assamese)
অসম

বাহিৰত আবদ্ধ অসমৰ কেন্সাৰ, হাৰ্ট চাৰ্জাৰি, কিডনি ট্ৰান্সপ্লাণ্ট ৰোগীলৈ হেল্পলাইন মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 10:55 pm
Himanta Biswa Sarma

লকডাউনৰ মাজত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ কেন্সাৰ, হাৰ্ট চাৰ্জাৰি আৰু কিডনি ট্ৰান্সপ্লাণ্ট ৰোগীসকলৰ বাবে ৰাজ্য চৰকাৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে।

এই ব্যক্তিসকলে যোগাযোগ কৰাৰ বাবে চৰকাৰে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে—0361-2558955 (|)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে।

তেওঁ কয় যে এই হেল্পলাইন নম্বৰত ফোন কৰা ৰোগীসকলৰ সবিশেষ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক এটা হোৱাটছএপ নম্বৰ দিয়া হ’ব।

সেই হোৱাটছএপ নম্বৰত তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ দিয়াৰ পিছত চৰকাৰে তেওঁলোকলৈ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব।