NORTHEAST NOW (Assamese)
Popular Stories

লকডাউন পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰিলে এইখন ৰাজ্যৰ চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2020 8:14 pm

চীন দেশৰ পৰা সম্প্ৰসাৰণ হোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপোৱাত মিজোৰামৰ আইজল পৌৰসভাৰ অন্তৰ্গত অঞ্চলত চলি থকা লকডাউন পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

অঞ্চলটোত আজি অৰ্থাৎ ২ নৱেম্বৰত লকডাউনৰ সমাপ্তি ঘটাৰ কথা আছিল যদিও এতিয়া নতুন নিৰ্দেশনা অনুসৰি অহা ৯ নৱেম্বৰলৈকে বাহাল থাকিব লকডাউন।

আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বত অনুষ্ঠিত এখন জৰুৰী সভাৰ অন্তত লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যোৱা ২৬ অক্টোবৰত আইজল পৌৰসভাৰ অন্তৰ্গত অঞ্চলত এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছিল।

আইজলত লকডাউন কাৰ্যকৰী হৈছিল ২৭ অক্টোবৰৰ পৰা।

ইয়াৰ উপৰি মিজোৰাম চৰকাৰে সমগ্ৰ ৰাজ্যত অহা ৯ নৱেম্বৰলৈকে ‘ক’ভিড-১৯ ন’ টলাৰেন্স ফৰ্টনাইট’ৰো লাগু কৰিছে।

উল্লেখ্য যে ৰাজ্যখনত এই পৰ্যন্ত ২,৭৫৭ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ক’ৰ’নামুক্ত হৈছে ২৩২৩ গৰাকী।

আনহাতে ৰাজ্যখনত মাত্ৰ এজনহে লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।