NORTHEAST NOW (Assamese)

মাস্ক নিপিন্ধিলে ডিপোত তেল নাপাব বিশ্বনাথত

April 25, 2020 7:04 pm · কাজি জেইদুল ইছলাম
প্ৰতীকী ছবি।

ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে সকলো ডিজেল, পেট্ৰ্ল আৰু কেৰাচিন তেলৰ ডিপোত কেৱল মাস্ক পিন্ধা ব্যক্তিকহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শনিবাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে।

জিলাখনৰ সকলো তেল ডিপোকে এই নিৰ্দেশ পালন কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখ্য যে, জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ১৭ এপ্ৰিলত এক নিৰ্দেশযোগে জিলাখনৰ ৰাজহুৱা স্থানত থু-পিক্, খেকাৰ আদি পেলোৱা, সুৰা, সকলো ধৰণৰ গুট্খা, ধঁপাত, পাণমছলাজাতীয় সামগ্ৰীৰ বিক্ৰী তথা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছিল।

একেটা নিৰ্দেশতে জিলা দণ্ডাধীশগৰাকীয়ে দুচকীয়া বাহনত দুজন ব্যক্তি উঠাটো নিষিদ্ধ ঘোষণা কৰাৰ লগতে ৰাজহুৱা স্থান আৰু কৰ্মক্ষেত্ৰতো মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল।

Related News