NORTHEAST NOW (Assamese)

লকডাউনৰ বাবে বিয়াত কন্যাদান কৰিব নোৱাৰিলে এগৰাকী জোৱান পিতৃয়ে

April 18, 2020 5:42 pm · এন ই নাও নিউজ
Updated: April 18, 2020 5:46 pm

প্ৰত্যেকগৰাকী পিতৃয়ে নিজ কন্যাৰ বিয়া ধুমধামেৰে অনুষ্ঠিত কৰা আৰু নিজ হাতেৰে বিদায় দিয়াৰ ইচ্ছা আৰু আশা কৰে। কিন্তু লকডাউনৰ বাবে এই আশা পূৰণ নহ’ল এগৰাকী জোৱান পিতৃৰ।

মহামাৰী ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি জাৰি হৈ থকা লকডাউনৰ বাবে ত্ৰিপুৰাত নিয়োজিত অসম ৰাইফলছৰ জোৱান বিজয়ৰাজ পৰমাৰে উত্তৰাখণ্ডৰ চিন্যালিচোড়ত হোৱা নিজৰ কন্যা অনামিকাৰ বিয়াত অংশ ল’ব নোৱাৰিলে।

জোৱানজনৰ অনুপস্থিতিত তেওঁৰ ভাতৃয়ে জীয়েকক কন্যাদান কৰে। জোৱান পিতৃয়ে ভিডিঅ’ কলিঙৰ জৰিয়তে নিজ কন্যাক বিদায় জনায়।

বিদায়ৰ সময়ত পিতৃৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰে কন্যা অনামিকাই।

উল্লেখ্য যে বিজয়ৰাজৰ কন্যা অনামিকাৰ বিয়াৰ সময়তে ক’ৰ’না আতংকৰ বাবে দেশজুৰি জাৰি কৰা হৈছিল লকডাউন। যাৰ বাবে নিজৰ কন্যাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে পিতৃ বিজয়ৰাজ।

ইফালে লকডাউনৰ সময়ত বিয়া অনুষ্ঠিত কৰাত বাধা আছিল যদিও প্ৰশাসনৰ অনুমতিত পাঁচগৰাকী লোকৰ উপস্থিতিত বিয়াখন অনুষ্ঠিত হয়।

কন্যা অনামিকা আৰু তেওঁৰ মাতৃ মমতা পৰমাৰে কয় যে এই মাংগলিক তথা শুভ অনুষ্ঠানত পিতৃৰ উপস্থিতি সকলোৱে কামনা কৰিছিল, কিন্তু তেওঁ লকডাউনৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে।

উত্তৰকাশীৰ চিন্যালিচোড়ৰ নিবাসী বিজয়ৰাজ পৰমাৰে নিজ কন্যাৰ বিয়াত উপস্থিত থাকিব নোৱাৰি দুঃখিত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

Related News