NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত লোকসভা অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 6:29 pm
index.jpg

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলি বিৰলা কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হৈছে।

কেন্দ্ৰীয় লোক সেৱা আয়োগে সোমবাৰে প্ৰকাশ কৰা সংৰক্ষিত তালিকা ঘোষণা কৰিছে। অসমাৰিক সেৱাৰ বাবে ঘোষণা কৰা এই সংৰক্ষিত তালিকাত ৮৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

ইয়াৰ মাজত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলি বিৰলাও আছে।

দিল্লীৰ ৰামযশ কলেজত ৰাজনৈতিক বিজ্ঞান অধ্যয়ন কৰা অঞ্জলিয়ে ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক পৰীক্ষাত প্ৰথমবাৰ অৱতীৰ্ণ হৈয়ে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

এই সাফল্যত উৎফুল্লিত হোৱা অঞ্জলিয়ে মংগলবাৰে পিটিআইৰ আগত কয়, “অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হৈ মই অতি সুখী। সমাজৰ বাবে কিবা এটা কৰাৰ বাবে মই অসমাৰিক সেৱাত যোগ দিব খুজিছো। মোৰ দেউতাই দেশৰ জনগণৰ বাবে সেৱা আগবঢ়াই অহা মই দেখি আহিছো।”

অঞ্জলিয়ে এই সাফল্যৰ বাবে চাৰ্টাৰেড একাউন্টান্ট জ্যেষ্ঠা ভগ্নীৰ অৱদানৰ কথাও স্বীকাৰ কৰি লগতে কয়, “এই সাফল্যৰ কৃতিত্ব মোৰ জ্যেষ্ঠা ভগ্নীৰহে প্ৰাপ্য। পৰীক্ষাৰ প্ৰস্তুতিত তেওঁক মোক বহুত সহায় কৰিছিল।”

উল্লেখ্য যে ৯২৭ টা খালী পদৰ বিপৰীতে ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ৮২৯ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা ২০২০ চনৰ ৪ আগষ্টত ঘোষণা কৰা হৈছিল।

উক্ত পৰীক্ষাৰে ৮৯ জনীয়া প্ৰাৰ্থীৰ সংৰক্ষিত তালিকাখন কেন্দ্ৰীয় লোক সেৱা আয়োগে সোমবাৰে ঘোষণা কৰিছে।