NORTHEAST NOW (Assamese)
অসম

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 12:49 pm

বক্স অফিচত ধুমুহা, ছ’চিয়েল মিডিয়াত সাধাৰণ দৰ্শকৰ প্ৰশংসা আৰু সমালোচকৰ ইতিবাচক সমালোচনা; ২৮ আগষ্টত মুক্তি পোৱাৰ পিছৰে পৰা মালয়ালম ছবি ‘লোকাহ চেপ্টাৰ ১: চন্দ্ৰা’ই এই সকলোবোৰ লাভ কৰিছে।

এইবাৰ ছবিখনে বক্স অফিচত নতুন অভিলেখ গঢ়াৰ পথত আগবাঢ়িছে। মুক্তিৰ ২১ দিনৰ পাছতো ছবিখনে এক শক্তিশালী স্থান অক্ষুণ্ণ ৰাখিছে। এতিয়া মালয়ালম চিনেমাৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ অভিলেখ গঢ়িবলৈ মাত্ৰ ৮ কোটি টকা বাকী আছে।

উদ্যোগ বিশ্লেষক সংস্থা ছেকনিল্কৰ মতে, ২১ তম দিনটোত ছবিখনে প্ৰায় ২.১ কোটি টকা উপাৰ্জন কৰিছে। ফলত কেৱল ভাৰততে ইয়াৰ মুঠ আয় ১২৬ কোটি টকা। বিশ্বজুৰি ‘লোকাহ চেপ্টাৰ ১’ৰ আয় এই পৰ্যন্ত ২৫৭ কোটি টকা হৈছেগৈ।

ডমিনিক অৰুণৰ পৰিচালিত এই ছবিখনে মালয়ালম উদ্যোগত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি আছে। ইতিমধ্যে ই ‘মঞ্জুমেল বয়জ’, ‘থুডাৰুম’ আৰু ‘২০১৮’ৰ উপাৰ্জন অতিক্ৰম কৰিছে। এতিয়া ই ‘এল-২: ম্পুৰান’ক অতিক্ৰম কৰিব পাৰিলেই ইতিহাসৰ সৃষ্টি কৰিব।

এই ছুপাৰহিৰো ঘৰাণাৰ ছবিখনত কল্যাণী প্ৰিয়দৰ্শনৰ অভিনয় আৰু কাহিনীৰ ভিন্নতাই দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিছে। ফলত মুক্তিৰ তিনি সপ্তাহৰ পাছতো টিকট কাউণ্টাৰত ভিৰ কমি যোৱা নাই। বাণিজ্য বিশেষজ্ঞসকলে কয় যে মাত্ৰ কেইদিনমানৰ ভিতৰতে ছবিখনে মালয়ালম চিনেমাত ‘সৰ্বকালৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ’ খিতাপ লাভ কৰিব।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰযোজক প্ৰিয়দৰ্শনৰ কন্যা কল্যাণীয়ে। ছবিখনত ছেণ্ডী, অৰুণ কুৰিয়ান আৰু নাছলানেও অভিনয় কৰিছে। ডমিনিক অৰুণৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজক দুলকুৰ ছালমানৰ ৱে ফেয়াৰ ফিল্মছৰ। শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানত ডালকেৰে এই ছবিখনৰ সকলো কিস্তিৰ লাভ সমগ্ৰ দলটোৰ সৈতে ভাগ-বতৰা কৰি ল’ব বুলি ঘোষণা কৰে।