NORTHEAST NOW (Assamese)
অসম

নগাওঁ কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত ৰাজেন গোহাঁইৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 26, 2019 9:00 pm
Loksabha election: Nagaon to be in Congress' hand, hints BJP MP Rajen Gohain

যোৱা ২০ বছৰ ধৰি একেৰাহে নিৰ্বাচিত হৈ নগাওঁ লোকসভা সমষ্টিক বিজেপিৰ অভেদ্য দুৰ্গত পৰিণত কৰা বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁয়ে আসন্ন নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত দিছে।

নৰ্থ ইষ্ট নাও-ৰ সৈতে মঙ্গলবাৰে হোৱা কথা-বাৰ্তাত “মনত দুখ লৈ” এই অপ্ৰিয় সত্য প্ৰকাশ কৰিছে অসমত বিজেপিৰ অতি পুৰণি নেতা তথা মোদী চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰীজনে।

যথেষ্টসংখ্যক সংখ্যালঘু ভোট থকা বৃহৎ সমষ্টিটোত এইবাৰ এ আই ইউ দি এফ-এও প্ৰাৰ্থী নিদিয়াৰ কথা উল্লেখ কৰি এই সম্ভাৱনা ব্যক্ত কৰিছে গোহাঁয়ে।

“ধৰ্মীয় সংখ্যালঘু ভোটৰ যি মেৰুকৰণ হ’ব সেয়া কংগ্ৰেছৰ পক্ষতহে যোৱাৰ সম্ভাৱনা প্ৰবল। যোৱাবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফল চালেই সেই কথা স্পষ্ট হয়,” গোহাঁইৰ মন্তব্য। সমষ্টিটোত ’১৪ৰ নিৰ্বাচনত বিজেপিৰ গোহাঁয়ে ৪,৯৪,১৪৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩,৫০,৫৮৭ আৰু এ আই ইউ ডি এফে পাইছিল ৩,১৪,০১২টা ভোট।

মোদী ঢৌৰ বহু পূৰ্বৰে পৰা দুই দশক ধৰি সমষ্টিটো দখল কৰি থকা নেতাজনে গেৰুৱা প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাৰো আগ্ৰহ প্ৰকাশ কৰা নাই। মঙলবাৰে মনোনয়ন দাখিলৰ পূৰ্বে “আশীৰ্বাদ” বিচাৰি গোহাঁইৰ ঘৰলৈ যোৱা বিজেপি প্ৰাৰ্থী শৰ্মাৰ সন্মুখলৈ সাংসদগৰাকী ওলায়েই নাহিলে।

“মই মনত বহুত দুখ পাইছো। গতিকে ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাম নে নচলাম এতিয়াই স্থিৰ কৰিব পৰা নাই। আগলৈ কি কৰোঁ চাই লওঁ,” গোহাঁয়ে জনায়।

পত্নী ৰীতা গোহাঁইক অসম বিজেপিৰ নেতৃত্বইহে টিকেট দিয়াৰ আশ্বাস দিছিল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে প্ৰতাৰিত হোৱাৰ বাবে দুখ পোৱা বুলি মন্তব্য কৰিছিল। যৌন কেলেংকাৰিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই নিৰ্বাচনটোৰ আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল।

জনপ্ৰিয় নেতাগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ নচলালে ৰূপক শৰ্মাৰ ব্যাপক লোকচান হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল। সমষ্টিটোৰ অন্তৰ্গত হোজাইৰ বিধায়ক শিলাদিত্য দেবে গোহাঁইক তেওঁৰ “ৰাজনৈতিক গুৰু”ৰূপে এতিয়াও ঘোষণা কৰি আহিছে।

সমষ্টিটোত থকা বুজনসংখ্যক বাঙালী হিন্দুকে ধৰি সংখ্যালঘু ভোটাৰে তেওঁক খুব ভাল পাইছিল বুলিও গোহাঁয়ে দাবী কৰিছে। “বাঙালী ৰাইজে মোক যথেষ্ট ভাল পাইছিল। যোৱা ৪টা লোকসভা নিৰ্বাচনত তেওঁলোকৰ পৰা মই বিপুল সমৰ্থন পাইছিলো,” গোহাঁইৰ মন্তব্য।

তাৰোপৰি ৰাজনৈতিকভাৱেও, সাংসদ গোহাঁইৰ কেৰিয়াৰৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে কেৱল নতুন প্ৰাৰ্থী ৰূপক শৰ্মাৰ পৰাজয়তহে!