NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে! খোদ ভগৱান কৃষ্ণই অখিলেশ যাদৱক ক’লে এই কথা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2022 3:53 pm
Akhilesh Yadav

শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু বিৰোধী দল সমাজবাদী পাৰ্টিৰ মাজত বিগত কিছুদিন ধৰি চলি থকা ৰাজনৈতিক বাক্ বিতণ্ডাৰ মাজতে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে এক হাস্যকৰ মন্তব্য কৰে।

ভাৰতীয় জনতা পাৰ্টিক স্পষ্টভাৱে ব্যঙ্গ কৰি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে ভগৱান কৃষ্ণই নিয়মীয়াকৈ তেওঁৰ সপোনত দেখা দিয়ে আৰু এই বছৰ বিধানসভা নিৰ্বাচনৰ পিছত উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব বুলি জনায়।

উল্লেখ্য যে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰনাথ সিঙে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ এখন পত্ৰ লিখি মথুৰা আসনৰ পৰা যোগী আদিত্যনাথক মনোনীত কৰিবলৈ আহ্বান জনাইছিল।

এই পত্ৰত হৰনাথ সিঙে লিখিছিল যে ভগৱান কৃষ্ণই তেওঁক সপোনত কৈছিল যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সেই সমষ্টিৰ পৰা সফল হ’ব।

এই পত্ৰৰ কথাকে ব্যঙ্গ কৰি অখিলেশ যাদৱে কয়, “তেওঁলোকৰ পত্ৰতহে কৃষ্ণ আহে। কিন্তু ভগৱান কৃষ্ণ মোৰ সপোনত উপস্থিত হয় আৰু মোক কয় যে আমি উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিম।এইয়া কেৱল এদিন নহয়, প্ৰতিদিনেই তেওঁ সপোনত আহি এই কথা কৈ যায়।”

 

তেওঁ লগতে কয়, “বাবা যোগী আদিত্যনাথ বিফল হৈছে। কোনেও তেওঁক বচাব নোৱাৰে।”

বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিজেপি আৰু সমাজবাদী পাৰ্টিৰ মাজত তীব্ৰ বাকযুদ্ধ হৈ আছে। দুয়োটা দলে আইন-শৃংখলা, ৰাম মন্দিৰ, পীযুষ জৈনৰ কেলেংকাৰী কাণ্ড, মাফিয়া ৰাজ আদিৰ দৰে বহুতো বিষয়ত পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰি আহিছে।