NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা! : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পৰকীয়া প্ৰেমিকসহ পত্নীক

October 27, 2020 7:08 am · এন ই নাও নিউজ
Updated: October 27, 2020 7:14 am
প্ৰতীকাত্মক ফ'টো

পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা কৰাৰ এক গুৰুতৰ অভিযোগত প্ৰেমিকসহ গ্ৰেপ্তাৰ হৈছে পত্নী।

ঘটনাটো সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লী।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা বৃহস্পতিবাৰে দক্ষিণপশ্চিম দিল্লীৰ কেপাছেৰা অঞ্চলৰ চালাপুৰ খেৰা অৰণ্যত মূৰত আঘাতৰ চিহ্ন থকা এটা মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰৰ পিছত মূৰত আঘাতৰ চিহ্ন থকা মৃতদেহটোৰ অন্যান্য অংশতো চোকা অস্ত্ৰেৰে হানি খুচি আঘাত কৰাৰ ক্ষত চিহ্ন প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ মতে মৃতদেহটোৰ কেইমিটাৰ নিলগত এখন চাইকেলো পৰি আছিল।

উদ্ধাৰৰ পিছত মৃতদেহটো গুৰগাঁৱৰ ছেক্টৰ ২১ত কিছুদিন পূৰ্বে ব্ৰীজেশ সিং নামৰ এজন যুৱকৰ সৈতে প্ৰত্যক্ষ কৰা ভবানন্দ ঝাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত ঝা গুৰগাঁৱৰ উদ্যোগ বিহাৰস্থিত বস্ত্ৰ ৰপ্তান্তি কৰা এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

“তদন্তত ব্ৰীজেশ সিং আৰু ভবানন্দ ঝাৰ পত্নী সুগন্ধাৰ মাজত অবৈধ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। আৰক্ষীৰ জেৰাত তেওঁলোক দুয়ো হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। তেওঁলোকৰ দুয়োৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু একেলগে থাকিবলৈ বিচৰাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে।” দক্ষিণপশ্চিম দিল্লীৰ আৰক্ষী উপ আয়ুক্ত প্ৰতাপ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী উপ আয়ুক্ত গৰাকীয়ে লগতে আৰু কয়ে যে, “তেওঁলোকৰ মিলনত যুৱতীগৰাকীৰ স্বামীয়ে বাধা হৈ থিয় দিয়াৰ বাবে তেওঁলোকে ঝাক হত্যা কৰা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে।”

“বৃহস্পতিবাৰে ব্ৰীজেশ সিঙে ভবানন্দ ঝাক হাবিলৈ লৈ যায় আৰু তাতে চোকা অস্ত্ৰেৰে হানি খুচি আঘাত কৰি এটা ইটাৰে মূৰত আঘাত কৰি ঝাক হত্যা  কৰে।” আৰক্ষীয়ে কয়।

ইয়াৰ পিছতে প্ৰেয়সী সুগন্ধাক তেওঁৰ স্বামী ঝাক হত্যা কৰাৰ প্ৰমাণ হিচাপে ব্ৰীজেশ সিঙে ঝাৰ ৰক্তাক্ত কাপোৰৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰখনো অৰ্পণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ব্ৰীজেশ সিং(২২) আৰু ভবানন্দ ঝাৰ পত্নী সুগন্ধা খেৰা(২৮)ক গ্ৰেপ্তাৰ কৰিছে।

Related News