NORTHEAST NOW (Assamese)
অসম

ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং টুৰ্নামেণ্টৰ ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই

Posted by: এন ই নাও নিউজ February 18, 2019 4:16 pm
LOVLINASSLIVEjpg

বুলগেৰিয়াৰ ছ’ফিয়াত চলি থকা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে অসমৰ লাভলিনা বৰগোহাঁয়। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত লাভলিনাৰ জৰিয়তে ভাৰতে মহিলা শাখাত প্ৰথমটো পদক নিশ্চিত কৰে।

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ প্ৰতিপক্ষ খেলুৱৈ ছুৱাৰেজ বিয়েট্ৰিজক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হয়।

৬৯ কেজি ওজনৰ শাখাত প্ৰতিদ্বণ্দ্বিতা আগবঢ়োৱা অসমৰ লাভলিনাই মেচখনত ব্ৰাজিলৰ খেলুৱৈগৰাকীক কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। আৰু এইদৰে সহজেই জয়ী হৈ লাভলিনাই অন্তিম চাৰিত প্ৰৱেশ কৰে।

প্ৰতিযোগিতাৰ তৃতীয় দিনাৰ খেলত অসমৰ লাভলিনাৰ উপৰি মঞ্জু ৰাণী, নিশাত জাৰিন, নীৰজ আৰু অমিত ফাংগালেও ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে।