NORTHEAST NOW (Assamese)

পৰৱৰ্তী অলিম্পিকত সোণৰ পদক জয়ৰ সপোন লৈ স্বদেশত আহি উপস্থিত লাভলীনা বৰগোঁহাই

August 9, 2021 7:45 pm · এন ই নাও নিউজ

টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদকেৰে দেশক গৌৰৱান্বিত কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।

অলিম্পিকত ইতিহাস সৃষ্টি কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁই  সোমবাৰে আহি নতুন দিল্লীত উপস্থিত হয়।

নতুন দিল্লীত উপস্তিত হৈয়ে সকলোকে ধন্যবাদ জনাইছে লাভলীনাই।

লাভলীনাই কয়, ‘’ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা।‘’

সোমবাৰে বিয়লি টকিঅ’ৰ পৰা আহি দিল্লী বিমানবন্দৰত উপস্থিত হয় স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাকে ধৰি লাভলীনা বৰগোঁহাই, বজৰং পুনিয়া, মহিলা হকী দলকে ধৰি আন আন খেলুৱৈসকল।

বিমানবন্দৰত দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক উষ্ম আদৰণি জনোৱা হয়।

বিমানবন্দৰত সোণৰ পদক জয়েৰে ইতিহাস সৃষ্টি কৰা নীৰজ চোপ্ৰাক চাবলৈ ভিৰ কৰে বিভিন্নজনে।

Related News