NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা দেশত আৰম্ভ হৈছে LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নতুন নিয়ম : কেনেকৈ লাভ কৰিব চিলিণ্ডাৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2020 9:16 pm
index.jpgkl

এতিয়াৰে পৰা পূৰ্বৰ দৰে বুকিং কৰি LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী লাভ নকৰিব উপভোক্তাই। LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ইণ্ডিয়ান অইল-এ।

এতিয়াৰে পৰা LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী ল’ব খোজা গ্ৰাহকসকলে পঞ্জীভুক্ত ম’বাইল নম্বৰত এটা OTP কোড নম্বৰ লাভ কৰিব।

এই কোডটো লাভ কৰা গ্ৰাহকে LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী প্ৰদান কৰা ব্যক্তিজনলৈ OTP কোডটো প্ৰেৰণ কৰিলেহে গ্ৰাহকে LPG চিলিণ্ডাৰ ঘৰতে লাভ কৰিব।

আনহাতে এই নতুন ডেলিভাৰীৰ পদ্ধতিৰে LPG চিলিণ্ডাৰ বুকিঙত ব্যৰ্থ হোৱা গ্ৰাহকে সময় মতে LPG চিলিণ্ডাৰৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব।

কাৰণ LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী দিয়া লোকজনে গ্ৰাহকজনৰ OTP নম্বৰটো লাভ কৰিলেহে LPG চিলিণ্ডাৰটো গ্ৰাহকৰ ঘৰত ডেলিভাৰী দিব পাৰিব।

ইতিমধ্যে ইণ্ডিয়ান অইলে গ্ৰাহকৰ সুবিধাৰ বাবে সমগ্ৰ দেশজুৰি ইণ্ডেন LPG চিলিণ্ডাৰ ৰিফিল বুকিঙৰ বাবে এটা নম্বৰ মুকলি কৰিছে।

২৪x৭ ঘন্টা সময় গ্ৰাহকৰ বাবে উপলব্ধ এই বুকিং নম্বৰটো হৈছে ৭৭১৮৯৫৫৫৫৫।

ইফালে LPG চিলিণ্ডাৰ বুকিং কৰা পূৰ্বৰ নম্বৰটো ৩১ অক্টোবৰত বন্ধ কৰি ওপৰত উল্লেখ কৰা নতুন নম্বৰটো কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে মুকলি কৰিছে।